পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কানীয়াৰ কীৰ্ত্তন

ধন উৰুৱাৰ লাভ এতিয়া হে ওলাইছে। ভাল হল তেও, আজিৰেপৰা ডাঙ্গৰীয়া বোলাবৰ মূৰ মৰিল।

 কীৰ্ত্তি। — [খঙ্গেৰে] টপ্‌টপাই নে থাকিবি দেই, তোক দায়ে নে পায়, গুচ্‌ ইয়াৰপৰা।

[চন্দ্ৰপ্ৰভাৰ প্ৰস্থান]

 কীৰ্ত্তি। — [গালত হাত দি মনে-মনে] মৰা পৰিলোঁ; মৌজা লবৰ যহত, ন-কৈ ঘটা থাওক, আগৰ কালৰ বস্তুও সাং হল।

(শিৱকান্ত কটকী আৰু ৰামেশ্বৰ দলৈৰ প্ৰবেশ)

 শিৱ। — কেনে বান্ধ! আজি দেখোঁ বৰ বিমন, কি হৈছে?

 কীৰ্ত্তি। — বান্ধ, কি সোধাঁ? বৃত্তি বুলিবলৈ মৌজাটো আছিল, আজি সিও গুচিল। পাঁচশ ৰূপ বাকী আছে, সেই বাবে নাজীৰৰ পিয়দাই সোণৰ খাৰু-এযোৰ কোৰোক কৰি লৈ গৈছে হি। কালি-মানলৈ ৰূপ কেই টকা আদায় কৰিব পাৰিলে তেও মালটোকে আনিব পাৰোঁ; তালৈ ধাৰ কৰিবলৈও পাবলৈ নাই। ৰায়তত ৰূপ চাৰি কুৰিমান হে বাকী থাকিব পায়; ৰূপবো্ৰেৰে নো কি কৰিলোঁ, কবই নোৱাৰোঁ।

 ৰাম। — কুম্পানিৰ ৰূপ বতাহৰ নিচিনা, তাত কিবা মায়া আছে হবলা, তাক কেৱেই ধৰি ৰাখিব নোৱাৰে, তাতে আজি-কালি জুইৰপৰা পানীলৈকে কিনা দিন পৰিছে,