পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কানীয়াৰ কীৰ্ত্তন

তেন্তে মালকে নিয়া; (ওলগনীৰে সৈতে সোণৰ বাখৰ-পতা খাৰু এযোৰ দি) তুমি এখন যোৱাঁ।

 পি। — আচ্ছা, বচ্ মাল তো পাইলোঁ, আভি মিঠৈ খাবাৰ তো কিছু দেও।

 কীৰ্ত্তি। — এখন হাতত কিছু নাই।

 পি। — যদি মিঠৈ খাবাৰ নি মিলে, তব পাঁচ ৰূপিয়ামে এই মাল বেচিব, আৰু বচ্‌ দোচোৰা মাল কোৰোক কৰিব।

 কীৰ্ত্তি। — (মনে-মনে) কোনো মতে ইয়াৰ মুখ নেমাৰিলে ই সৰ্ব্বনাশ কৰিব। ইহঁতে ভাল কৰিব পাৰোক বা নোৱাৰোক, বেয়া কৰিবলৈ যম [দুটকা ৰূপ দি] এই লোৱাঁ।

 পি। — [মূৰ জোকাৰি] বহুত কম হৈছে। আচ্ছা বচ্‌, হামকু যি দিছে, এই বহুত; নাজীৰ চাহাবকা পাছ কুছ দেও।

 কীৰ্ত্তি। — [মনে-মনে] আৰু কিছু নি দিলেই নেৰে, নাজীৰৰ আগত লগাই দিব গে [আৰু এটকা ৰূপ দি] ইমানেই হে আছিল, ইয়াকে লোৱাঁ।

 পি। — কি এক ৰূপিয়া দেছে? আচ্ছা বচ্‌ দেও।

[পিয়াদাৰ প্ৰস্থান]

[চন্দ্ৰপ্ৰভাৰ প্ৰবেশ]

 চন্দ্ৰ। — মই এটা কথা আগতেই কৈছিলোঁ, পাণ খাই