পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
কানীয়াৰ কীৰ্ত্তন

 ললিতা। — আই ঐ! মোৰ নো সোণাইক এনে কুবুধি কোনে শিকালে? তাক মাতি আনি সোধোঁচোন।

 ভদ্ৰ। — সুধিলে কি হব? তাৰ মই মুখকে নে চাওঁ, তুমি যি কৰাঁ, কৰাঁ; তেও তাক আজিৰপৰা গধূলি ফুৰিবলৈ যাব নি দিবাঁ। সেইটো মঙ্গহ খোৱা আহিছে, তুমি কিবা সুধিব খোজাঁ যদি সোধাঁ, মই আতৰোঁ।

ভদ্ৰেশ্বৰৰ প্ৰস্থান

কীৰ্ত্তিৰ প্ৰবেশ।

 ললিতা। — বাপা! তই হুনু কানি খাইছ, হয় নে? এই দৰে নো আমাৰ বুকত কেলেই কুঠাৰ মাৰিছ?

 কীৰ্ত্তি। — কোনে কৈছে আই? তোমাৰে শপত, তোমাৰে মূৰ খাওঁ, তোমাৰ গাৰ আঁৰ হবলৈ, মই কানি মুখতে দিয়া নাই; কোনোবা শত্ৰুৱে মিছাকৈ হ লগাইছে।

 ললিতা। — যদিও খাইছ, মোৰে শপত এৰি পেলা, মোৰ লাহৰি। তাকে ন কৰিলে আমাক নে পা। ডাঙ্গৰীয়াই খঙ্গত তোৰ মুখকে নে চাওঁ বুলিছে। আৰু আজিৰেপৰা গধূলি ফুৰিবলৈ যাবলৈ হাক দিছে।

 কীৰ্ত্তি। — (মনে-মনে) তোমালোকতকৈও পাণক এৰা টান। যি তাৰ ৰস বুজিছে সি সকলোকে এৰিব পাৰে, তেও তাক নোৱাৰে; খাই চালাহঁকহেঁতেন তেহে। (প্ৰকাশকৈ) বাৰু আই! নে যাওঁ!

(দুইৰো প্ৰস্থান)

⸻⸻