পৃষ্ঠা:কানীয়াৰ কীৰ্ত্তন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ দৰ্শন

—ঃ০ঃ—

ভদ্ৰেশ্বৰ বৰুৱাৰ বৰ ঘৰ।

ভদ্ৰেশ্বৰ আৰু ললিতাৰ প্ৰবেশ।

 ভদ্ৰ। — শুনিছা নে আইটী-মাক! আমাৰ কাম আহিল, পোৱাঁ হনু পঢ়ি শুনি উঠিল, পাণৰ নলীৰপৰা মুখকে নু গুচায়। সিদিনা যে পেড়াৰপৰা ৰূপ কুৰি হেৰাল, তাক আনে নিয়া নাই, আমাৰ ডেকাই হে নিলে, তাৰেই কানি কিনি পাণ মাৰিলে গৈ।

 ললিতা। — কি? সঁচা নে? কোনে কলে?

 ভদ্ৰ। — সঁচা ন কৈ মই মিছা কৈছোঁ নে? মই এতিয়াই খাওন্দৰ ঘৰত শুনি আহিছোঁ, আগ-চকুতে দেখা মানুহে কৈছে। মানুহটোৰ বঠিটোলৈকে নো মন ন কৰাঁ কিয়? পাণ নে খালে তেনে হয় নে?

 ললিতা। — (হুমুনিয়াহ কাঢ়ি) হায় হায়! কি দুৰ্কপাল! শুদাতে লোকৰ বামুণৰ ছোৱালীজনীৰ নৰকত পৰিলোঁ।

 ভদ্ৰ। — [চকুৰ পানী মচি] একেটা লৰা, এই দেখি ইংৰাজী পঢ়িবলৈও নি দিলোঁ, বোলোঁ, কেনেবাকৈ তৰ্পণৰ পানী এচলু দিয়ে কি চিয়ে; এতিয়া পোৱে নৌ মৰোঁতেই শৰাধ চাই-থনীয়া কৰিবলৈ ধৰিছে। এইবোৰ দেখি-শুনি থকাত্‌কৈ আমি মৰাই ভাল।