এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
কানীয়াৰ কীৰ্ত্তন
টিলিকিয়াই) ঋ-ই-ই-ই তু-উ-উ-উ-বস-অ-অ-অন্তকালে এ-এ-এ প্ৰাণনাথ কোথায় সকীৰে —
হল। — ডেকা বৰুৱা, মনে-মনে থাকাঁ হে; তোমাৰ গীতত মোহ গৈ ভোগদৈ-নৈখান পাচে উভতি বব।
কীৰ্ত্তি। — এ:! ইতিকিং কৰিলা যদি নে গাওঁ, যোৱাঁ।
ৰতি। — [পাণৰ মুখলৈ চাই] প্ৰাণ! তোমাৰ অনুগ্ৰহত আজি সঁচাসচি পাণ খোৱা হল; এতিয়া অনুপান কি আছে আনা।
পাণ। — [পায়সৰ থাল সকলোৰে মাজতে থৈ] ইয়াৰেই মুহুদি কৰাহঁক।
কীৰ্ত্তি। — (হাঁহি-হাঁহি) লৈ আহাঁ, "অগ্ৰে ব্ৰাহ্মণং দদ্যাৎ।"
মতি। — কি হে ডেকা বৰুৱা, পাহ দেখি কুলকো পাহৰিলা নে কি? বামুণ হৈ আহোমনীৰ পাহ খাব খোজানে? ৰাম! ৰাম!
কীৰ্ত্তি। — [মিঢিকিয়াই হাঁহি] তোমাৰ কি ভ্ৰম! অকূল কাম-সাগৰত যি পাৰ কৰে, তাৰো আকৌ তুমি কূলৰ বিচাৰ কৰা!।
(পাহ খাই সকলোৰে প্ৰস্থান)