ৱাকৈ ৰাস হয় নে? ৰাসেশ্বৰী ৰাধা আছে ইয়াত, তাত ৰাস কেনেকৈ হব?
ৰতি। — (হাঁহি হাঁহি) ন হয়, তেওঁ ৰাস কৰা নাই, চন্দ্ৰাৱলীৰ কুঞ্জত ৰাতি খপি হে আহিছে।
পাণ। — (পাণ এচাকি কীৰ্ত্তিকান্তৰ হাতত দি) হোঁৱা, দুখে-ভাগৰে আহিছা, ইয়াকে খাই তেও ভাগৰ পলুওৱাঁ।
কীৰ্ত্তি। — (পাণৰ চাকিত চুমা খাই) কি অনুগ্ৰহ, নৌখাওঁতেই মোৰ হেঁপাহ পলাল। [পাণৰ হাতত ধৰি] জীউটি! অলপ ওচৰ চাপি বহাঁ — বসন্ত নোহোৱা পৃথিৱী, আৰু তিৰোতা নোহোৱা মানুহৰ জীৱন, দুয়ো সমান। এনে সুখ এৰি যি উদাসীন হয়, সি উপজিয়েই ন মৰিল কিয়? [পাণ খোৱা নলী পাণৰ মুখত দি] পাণ, এহোঁপা খোৱাঁ। (পাণে এহোঁপা খালত আপুনি এহোঁপা খাই) এতিয়া হে পাণৰ স্বৰূপ সোৱাদ ওলাইছে। পায়সত চেনি মিহলালে যে তাৰ স্বৰূপ ওলায়।
মতি। — ডেকা বৰুৱা, এটা বঙ্গলুৱা গীত গোৱাঁ হে।
কীৰ্ত্তি। — গালোঁৱেই বা, তাল ধৰিব কোনে?
ৰতি — মই তাল ধৰো, তুমি গোৱাঁ, (হলধৰৰ পিঠিত চপৰিয়াই) ধিন, ধিন, তাক, তাক, ধিন।
কীৰ্ত্তি। — (বাওঁ হাতে ধোঁৱা-খোৱা ধৰি সোঁহাতে