এই মুহূৰ্তত বৈশালীৰ মুখামুখি হোৱাটো বৰ সহজ কথা নহ'ব। বৰুৱাই কেনেকৈ
ইমানবোৰ কথা জানিলে, সেই কথাটো বুজিবলৈ তাইৰ চাগৈ বেছি সময় নালাগিল।
কিন্তু মইহে ক'ব লাগিছেনে? অইন মানুহে নেদেখে? বৰুৱাৰ অফিছৰে বেনাৰ্জীবাবুৱে
এলিফেন্ট ফলছৰ শিল এছটাত তাইক খাচী ডেকা এটাৰ আঙুলিবোৰ চুই থকা দেখি
আহিছে। অনিল বণিক্য নামৰ অভিযন্তা এজনৰ সৈতে এবাৰ তাই গুৱাহাটীৰ পৰা বাছত
একেলগে আহিছিল; তাৰ দুসপ্তাহ পাছত সেই মানুহটোৰ সৈতে তাই ড্ৰিমলেণ্ডত ছিনেমা
চাবলৈ গৈছে। তাইহে ভাবে কোনেও দেখা নাই বুলি! শ্বিলঙৰ পুলিছ বজাৰৰ নিচিনা
ঠাইডোখৰত আপুনি নিজকে লুকুৱাব পাৰিব?
ছেণ্ট এন্থনিজ কলেজত পঢ়োতে আমাৰে সহপাঠী ৰাজীৱ তামুলীৰ সৈতে তাই এটা সম্পৰ্ক গঢ়িছিল। সেই সম্পৰ্কৰ কথা তেতিয়া কমপক্ষেও পাঁচশ ছাত্ৰ-ছাত্ৰীয়ে জানিছিল। সেই পাঁচশৰ অন্ততঃ পঞ্চাশজন ছাত্ৰ এই শ্বিলঙতে থাকি গৈছে। এই হিচাপটো বৈশালীয়ে নাজানে?
যোৱা আঠ-নবছৰ ধৰি তাই প্ৰায় একেধৰণেই চলি আছে। নিৰ্ধাৰিত কাৰ্যক্ৰম। নতুনকৈ কোনোবা ডেকা অভিযন্তা আহিলে কেনেবাকৈ চিনাকি হৈ লোৱা; তাৰ পাছত স্পেছিয়েল ডিশ্ব খাবলৈ মতা; বিহুৰ সময়ত পিঠা, কাটা নিমকি, গাজৰৰ পায়স। এইবিলাক কৰোঁতে তাই আগতেও তেনে কাম কৰিছে যেন নালাগে। প্ৰতিবাৰতেই যেন কথাবোৰ নতুন। আমোদজনক কথাটো হ'ল,— তাই নিজেই কোনো প্ৰস্তাৱ দিবলগীয়া নহয়। তাই মাথোন এটা পৰিবেশৰ সৃষ্টি কৰে। ভালেমান দিন ছিনেমা-টিনেমা চোৱা নাই, চোৱাৰ লগো নাই, টিকেট কাটিবলৈ কাৰোবাক যে পঠিয়াব তাৰো উপায় নাই,— এনেকুৱা ধৰণৰ দুখলগা কথাবোৰ কাটা নিমকি চোবোৱা মানুহটোৰ আগত ক'লে তেওঁ তাৰ ব্যৱস্থা নকৰাকৈ পাৰেনে? গতিকে পাছৰটো দেওবাৰে দুখন টিকেটৰ যোগাৰ হৈ যায়।
“শনিবাৰে আপুনি ফ্ৰি আছেনে?”
“কিয়?”
“ভালেমান দিন বৰাপানীলৈ যোৱা নাই।”
বৈশালীৰ মাকে তাইক আগবঢ়াই দিয়ে। সেইকেইটা দিন তেৱোঁ সম্ভাব্য জোঁৱাইগৰাকীক লৈ ব্যস্ত হৈ থাকে। ইদলী বনায়, ড্ৰয়িং ৰুমৰ কুশ্বন ক'ভাৰ সলনি কৰে; ঘৰটোত ৰুচি আৰু চৌখিনতাৰ পৰিচয় দিবলৈ বেৰত দুখন আকৰ্ষণীয় পেইণ্টিং ওলমায়। জীয়েক ওভতোতে পলম হ'লে সন্ধিয়াৰ আলহীক তেওঁ জীয়েক
লাইব্ৰেৰিলৈ গ'ল বুলি কয়।