প্ৰেম আৰু জীৱনৰ অংক
পাইনগছৰ বতাহ গাত লাগিলে কিবা যেন আউল লাগি যায়। ভুল কৰিবলৈ মন যায়; কাৰোবাক জোকাই চাবলৈ মন যায়; জীৱনৰ কোনো এক নিৰিবিলি কেঁকুৰিত ৰৈ এটা ৰিস্ক ল’বলৈ মন যায়। সেইবুলি শ্বিলঙৰ জনজীৱনত ইতিমধ্যে ঘটি যোৱা আৰু আগলৈয়ো ঘটি থাকিবলগীয়া সকলো ভুলৰ বাবেই পাইনক জগৰীয়া কৰিব নোৱাৰি।
পাইনৰ বতাহত মৃদু প্ৰৰোচনাহে আছে; কোনো ভয়ানক অভিসন্ধি নাই। তেনেকুৱা প্ৰৰোচনাত শ্ৰীমতী দত্তই ইচ্ছাকৃতভাৱে ৰুবিনৰ ঘৰত ছাতিটো এৰি থৈ আহে; আন্নি নামৰ খাচী ছোৱালীজনীয়ে কোনো অচিনাকি মানুহৰ ঘৰলৈ এনেয়ে এবাৰ ফোন কৰে; লাইটুম্খ্ৰাৰ ডাঙৰ গিৰ্জাটোৰ চোতালত থিয় হৈ খাৰম’ফ্লাঙে নান্সিক সোধে, – এতিয়াই তাৰ লগত তাই বিয়া হ’ব পাৰিব নেকি?
শ্বিলঙত এইবিলাক তেনেই সৰু-সুৰা ঘটনা। ভুল হৈছে হৈছে, ধৰি নাথাকিব। বৰ বেছি এটা পূৰ্ণহতীয়া চৰ।
“আই ৰিমাইণ্ড ইউ নট টু ডু ইট এগেইন্।”
“ছৰি।”
বচ, তাৰ পাছত সকলো শান্ত। পাহৰি যাওক, জীৱন উপভোগ কৰক।
কিন্তু বৈশালীয়ে এটাৰ পাছত এটাকৈ যি ভুল কৰি গৈছে, সেয়া আমাৰ বাবে উদ্বেগজনক। লাবানৰ কেঞ্চেছ ট্ৰেছৰ যিটো ভাৰাঘৰত তেওঁলোক থাকিবলৈ লৈছে, সেই ঘৰটোৰ আগেৰে গধূলি দুই-তিনিটা ডেকা ল’ৰা একেলগে গ’লে সিহঁতৰ মাজত চেপা গুণগুণনি এটাৰ সৃষ্টি হয়। মুখত আপোনা-আপুনি হাঁহি একোটা বিৰিঙি আহে। সেই হাঁহিৰ সুৰ আৰু সেই সুৰৰ প্ৰতিধ্বনি তাইৰ বাবে বৰ সুবিধাজনক নহয়। মই নিজেই বৈশালীৰ নিন্দা কৰিছোঁ। তাইক বিয়া কৰাবলৈ ওলোৱা বৰুৱা উপাধিৰ মানুহ এটাক সতৰ্ক কৰি দিছোঁ। মাত্ৰ তিনিদিনৰ আগেয়ে সেই মানুহটোৱে স্বইচ্ছাই শ্বিলং এৰিছে। সেইবাবেই,—বোধকৰোঁ সেইবাবেই আজি গধূলি পাঁচবজাত মোৰ অ'কলেণ্ডৰ অফিছত তাই মোক এবাৰ লগ পাব খুজিছে। মোৰ চিন্তা হৈছে। বোধকৰোঁ তাই মোক কথা শুনাব। সঁচা ক’বলৈ গ'লে মোৰ ভয়েই লাগিছে।