পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰবিহ

দেখিলো এচমকা কলীয়া ডাৱৰ
ঘূৰি ফুৰা নিচেই কাষত
ঢেৰেকণী বিজুলীয়ে লুকা ভাকু খেলা
ভৰি হাত লুকাল ত্ৰাসত।
গোটাই সাহস কিছু মুখামুখি হ’লো
কৰিবলে মিনতি এবাৰ
কিজানিবা কম হয় বিজুলীৰ ক্ৰোধ
ধুমুহাৰ গতি দুৰ্বাৰ।
ফল পালো, হ’ল কিছু প্ৰশমিত
বুজি মোৰ বেদনা মনৰ
উভতিলো খৰখোজ ঘৰমুৱা হৈ
লগ হ’ম আপোনজনৰ।
ভাবিছো, বুজালে ডাৱৰৰ আঁতৰি যায়
ক্ৰোধৰ কি উপশম নাই।
সোণৰ সঁফুৰাটোত বৰবিহকণে
কোনোকালে শোভাতো নাপায়॥ ❖

এজন ডাক্তৰৰ কবিতা • ১১৫