পৃষ্ঠা:এজন ডাক্তৰৰ কবিতা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বালিঘৰ

আঃ, কিযে সুমধুৰ তান
ৰিম্‌ঝিম পৰে সৰগৰ গান
মুষলধাৰে, খিৰিকীৰ সিপাৰত
লাহী পৰশ কাৰ বীণাৰ তাঁৰত।
অনুভৱ কৰো কাৰোবাৰ হাত
বৈ পৰা কপালত, চকুৰ পতাত
মুদ খোৱা চকুযুৰি বিচাৰে পোহৰ
উন্মুক্ত গুপ্তদ্বাৰ অলস মনৰ।
পোনচাটে উৰি যায় মনময়ূৰী
লয়লাসে নাচে আকাশতে ঘূৰি
বৰ্ষাবিঘ্নিত আজি কদাপি নহয়
কিঞ্চিত বিলম্ব হ’লে সুখৰ ক্ষয়।
দেৱৰাজ ইন্দ্ৰৰ বজ্ৰ নিনাদ
ক্ষন্তেকতে আনি দিয়ে বিঘিনি বিষাদ
সুখ দুখ সকলোটি বালিৰ ঘৰ
মিছা যত অনুভূতি আপোন পৰ॥ ❖

১১৪ • এজন ডাক্তৰৰ কবিতা