চিকাৰ কাহিনী/হাতী চিকাৰৰ আৰু এক অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৫০ ]

হাতী চিকাৰৰ আৰু এক অধ্যায়

  বঢ়াই দিয়া সময়ৰো অন্তত লোকেলবোৰ্ডৰ গুৰুভাৰ শোধাই দি গাটে৷ পাতল পালোঁ, কিন্তু মনটে৷ গধুৰ লাগিল। ভগৱন্তৰ নাম কীৰ্তনত আনন্দ আছে, কিন্তু নামৰ অন্তত ভকতক বিলাই দিবলৈ প্ৰসাদ নাথাকিলে মনলৈ নিৰানন্দও আহে। মূৰব্বী হৈ বোৰ্ডৰ স্বত্ব চলোৱাৰ হৰ্ষ অনেক, কিন্তু নিৰুপায় প্ৰজাৰ আচল দুখ-দুৰ্গতি য'ত,ত’ত আলি-পদূলি নাই, গতিকেই সেইফালে চেয়াৰমেনৰ গতিবিধিও কম। হাৱাগাড়ীত গ’লে চেয়াৰমেনৰ ভাট্টাৰ মাত্ৰা, বেগৰ পৰিমাণ বাঢ়ে, কিন্তু বাট-পথ নোহোৱা আওহতীয়া গাঁৱৰ দুৰৱস্থা চোৱাৰ সুবিধাৰ মাত্ৰা সেই পৰিমাণেই টুটে। চেয়াৰমেনৰ দৰ্শনকামী দূৰণিবটীয়া দুৰ্ভগীয়া আহি পায় মানে বিজুলী সঞ্চাৰে চলা চেয়াৰমেনৰ হাৱা-ৰথ অন্তৰ্ধান হয়। ফলত প্ৰজাৰ অভাৱ-অভিযোগ শুনি চেয়াৰমেনৰ অৰ্থসংকটৰ পৰিমাণ প্ৰকাশৰ সুযোগ নঘটে। ইত্যাদি কাৰণে নিজৰ আৰু পৰৰ অন্যায় বিচাৰত মনটে৷ বিদ্ৰোহী হৈ উঠিল। বাব শোধাই দি নিজৰ তৰফৰ সবিনয় নিবেদন শেষ কৰি, আৰু বাব গ্ৰহণৰ আনন্দ আয়োজনৰ যৎকিঞ্চিৎ উপভোগ কৰি, দীঘল হুমুনিয়াহ কাঢ়ি অফিচৰপৰা ওলাই আহিলোঁ আৰু বিদ্ৰোহী মন দমনৰ বাবে চকৰদ যাত্ৰ৷ কৰিলোঁ।

 চকৰদৰ চমু পৰিচয় হৈছে, ঠাইতে নৰ্ক, ঠাইতে স্বৰ্গ। চিকাৰ ভক্তৰ বৈকুণ্ঠ আৰু অনা-চিকাৰীৰ ৰৌৰৱ। চকৰদ গুৱাহাটীৰ গাতে লগা, কিন্তু পাবলৈ হলে সহস্ৰ যোজন বিস্তৃত যেন লাগে। গুৱাহাটীৰ পৰা আঠমাইল মটৰেৰে গৈ তাৰ পিচত দুমাইল খোজকাঢ়ি এখন বিল পাৰ হব লাগে। বিলৰ পাৰত সময় আৰু সুবিধামতে নাও [ ৫১ ] পোৱা টান। কেওট পাৰাৰপৰ৷ আগেয়ে নাও আৰু নাৱৰীয়া বিচাৰি নথলে বিলৰ পাৰত অপাৰ বিলৈ বিপত্তি সুনিশ্চিত।

 চুটিকৈ ঘুটমুটীয়া মানুহজন। জাতিত নমঃশূদ্ৰ, বয়স ৪০।৪৫ ৰ ভিতৰত হব। চকু দুটি সৰু, গাৰ বৰণ ঘোৰ কৃষ্ণ নহলেও উজ্জ্বল শ্যামবৰ্ণ নহয়, অৰ্থাৎ ক’লা। চুলি দীঘলকৈ ৰাখিছে, প্ৰায়ে মেলি থয়; কিন্তু সময়ত কেতিয়াবা পিন্ধি-উৰি ওলোৱাত বলেৰে টানি অতি কষ্টেৰে ডাঙৰ তামোল এটাৰ সমান খোপ৷ এটা বান্ধে। অঙ্গবস্ত্ৰ আঠুৰ তললৈ নাযায়। অন্য অঙ্গবস্ত্ৰ পাঁচ ঋতুতে নাথাকে, অতি শীতত চুটি কাপোৰ এডুখৰি গাত লয়। মুঠতে পৰিচ্ছদৰ পৰিমাণ আৰু প্ৰকাৰ ভেদত মহাত্মা গান্ধীক চেৰ পেলাই মহাদেৱৰ সমকক্ষ হয়। সদায় প্ৰসন্ন মুখ, নাই কোনো দুখ, অতি অকাতৰ চিত্ত। দীপৰ মহাসমুদ্ৰৰ একমাত্ৰ কাণ্ডাৰী এৱেঁই। এওঁৰেই নাম ডাঠি ভকত ওৰফে ডাঠি কালা। এওঁ জগৎ প্ৰখ্যাত নহলেও আজাৰা চকৰদ প্ৰখ্যাত। “ভকত” আৰু “কালা” এই দুয়ো নামৰ সাৰ্থকতালৈ চালে আমাৰ দীপৰ কাণ্ডাৰী ডাঠিয়ে। কাৰণ, শ্ৰৱণত তেওঁ বধিৰ, কীৰ্তনত তেওঁ পৰম বৈষ্ণৱ। শীতকালৰ মাজনিশা পাৰ কৰিবলৈ মাতিলে গিৰিসাই উঠি শিতানতে সজোৱ৷ বঠাপাত লৈ আমাৰ মুখলৈ চাই জাৰত দুখ পোৱাৰ বাবে আমাকহে পুতৌ কৰে।বনকৰ বিভাগৰ অনুগ্ৰহত বিনা কেৰেয়াতে নাও এখন পায়, কিন্তু তাৰ প্ৰতিদানত খাটি দিব লাগে বিনা পইচাত বাৰমাহ। আনে পাৰৰ কড়ি দিলেও দিয়ক, নিদিলেও তাত অসন্তোষ নাই। ডাঠি নৰিয়াত পৰা কেতিয়াও শুন৷ নাই, পৰিলে যে আমাৰ গতি কি হব তাক নভবাই ভাল। আৰু শুনা নাই, ডাঠি ভকতৰ মুখে তাৰ নিজৰ দুখৰ কথা আৰু পৰৰ নিন্দা। শিক্ষাৰ অভিমান দলিয়াই পেলাই এই বিষয়ত ডাঠি ভকতত দীক্ষা লবৰ মন যায়।

 ডাঠিৰ সহায়ত বিল পাৰ হৈ চকৰদলৈ আৰু এমাইলমান খোজ কাঢ়ি যাব লাগে। গাঁৱৰপৰা মানুহ নানিলে সেইডোখৰ বাট [ ৫২ ] যাবৰ উপায় নাই। বাটডুখৰি নাজল-নাথল। আঁঠুৱনী পানী ভাঙি যাব লাগে। তাতে জলৌকাসকলে দুৰ্লভ মনুষ্য ৰক্তৰ কাৰণে তপস্যা কৰি ৰৈ থাকে। পানীত ভৰি দিয়া মাত্ৰকে তপস্যাৰ ফল লাভৰ কাৰণে তপস্বীসকলে সত্যাগ্ৰহ কাৰ্যত ব্যাপৃত হয়। সেইডোখৰ বাট চুটি হলেও হস্তী, ব্যাঘ্ৰ, সৰ্পাদি সমাকুল। মিকিৰৰ সহায় ব্যাতিৰেকে যোৱা বিপজ্জনক। এই কথা অতীতৰো নহয়, অতিৰঞ্জিতও নহয়। মন কৰিলে তাৰ প্ৰমাণ আজিয়েই লব পাৰিব।

 সাত সমুদ্ৰ তেৰ নদী পাৰ হৈ গাতে লগা চকৰদ পাওঁতে বঙ্গযাত্ৰীৰ কৈলাস ভ্ৰমণৰ কথা মনত পৰে। চকৰদ পাওঁতে পাওঁতে সাজ গঢ়ি গ'ল। দেখিলো, মিকিৰৰ মুকলি ঘৰ বিষাদত মলিন হৈ আমালৈ ৰৈ আছে। আমাৰ আগমনত (পেট্ৰোমাক্সৰ সহায়ত) ক্ষন্তেকতে চৌদিশ আনন্দত পোহৰ হৈ উঠিল। ঘৰটোৰ বেৰ নাই, ভাল কাঠৰ খুটাৰে সজা, কিন্তু মিকিৰৰ চোৱা ঘৰ বাবে নহলেও মুধে উৰুখে। ভেটিটো কিন্তু পকাৰ দৰে আৰু চোতালত ফু মাৰি ভাত খাব পাৰি। বাৰিষা চোতাল আৰু ঘৰটোত বাজে পানী-পেক নগচকাগৈ খোজ লবই নোৱাৰি। মহ, ডাঁহ জোক অলেখ। তথাপিও ব্ৰহ্মপুত্ৰ নৈৰ কাণৰ নিজ ঘৰত শুই শুই কিদৰে সপোন দেখা যায়। ইয়াৰ নাম ইংৰাজীত “হবি” ( hobby )ৰাখে; ইয়াৰে নাম Sport বা মৃগয়া আৰু ইয়াৰে নাম Sheer madness বা শুদ্ধ বাতুলতা।

 যি হক, এইবাৰ চকৰদলৈ অহাৰ মুখ্য উদ্দেশ্য হাতী ধৰা আৰু গৌণ উদ্দেশ্য হাতী মৰা। দহদিনমান আগতে বিলৰ পাৰতে এটা হাতী ধৰা হৈছিল আৰু দুটা মৰা হৈছিল। তাৰ পিচতনো কি হৈছে কি নহৈছে খা-খবৰ কৰিবৰ মনেৰে তালৈ গলো। শুনিলো, বিলত নমা নাই। কিন্তু পৰ্বতত চাহান আছে। মাউত, ফান্দীক সুধি-পুছি পৰ্বত ঘূৰি অহাকে স্থিৰ কৰিলোঁ৷ লগত ললোঁ এটা হাতী [ ৫৩ ] আৰু ১১ জন মানুহ। আৰু ললোঁ তিনিৰাতি খাবলৈ জোৰাকৈ বস্তু। ৮ মাইলমান দূৰত চাতাৰগাঁৱ নামে এখন গাৰো গাঁৱত আলহী থাকিলো। এই আঠ মাইল বাট যাওঁতে ছঘণ্টামান লাগিল। কাৰণ, থিয় পৰ্বত উজোৱা দুখ লব লাগে। গাঁও পাওঁতে সাজ লাগিল। পাই দেখোঁ, গাঁৱত এজনো মুনিহ নাই। তিৰোতাৰ সংখ্যাও কম। সুধি জানিলোঁ, “আবা” জুৰিবলৈ গৈছে। চাকি-বন্তি লগোৱাতহে আহি পাব। পালতে গাঁওবুঢ়াৰ ঘৈণীয়েকে সাদৰ সম্ভাষণ জনাই থকাৰ ঠাই দেখুৱাই দিলে আৰু গাঁওবুঢ়৷ আহিলেই আন সকলো ঠিক কৰি দিব বুলি আশ্বাস দিলে। ঠাই সাৰি দি তম্বু টনাৰো দিহা কৰি দিলে। নিজে কুঠাৰ লৈ খৰি ফালি নিমিষতে দম কৰি দিলে। নিজৰালৈ যোৱা বাট দেখুৱাই দিলে। আমাক পাই আনন্দৰ সীমা নাই। গাঁওবুঢ়াৰ ঘৈণীয়েক ডেকা ছোৱালী। আগৰজনী ঘৈণীয়েক এহাল ল'ৰা-ছোৱালী থৈ স্বৰ্গী হোৱাত এওঁক বিয়া কৰায়। আগৰজনীৰ ল'ৰা-ছোৱালী দুটি দেখোঁতে ভাল, কিন্তু দুয়ো কলা আৰু বোবা। ইঙ্গিততে দুয়ো যেনেদৰে কথা কয় প্ৰথমতে ধৰা টান। বয়-বস্তু নমাব ধৰোঁতে এটি দুটিকৈ মানুহ আহিব ধৰিলে। প্ৰথমতে ওলালহি গাঁওবুঢ়াৰ শাহুৱেক। শকত-আৱত, বয়সত আদবয়সীয়৷। মোৰ মুখলৈ চায়েই কলে, “তই আন বছৰো আহিছিলি নহয়?” মোৰ উত্তৰলৈ বাট নাচাই পুনৰ কব ধৰিলে,“তই আমাৰ ৰাজা নহয়। তই আসামৰ ৰাজা, আমাৰো ৰাজা, সিবাৰ একদিন থাক্‌লি, ইবাৰ তিনদিন থাক্‌বি দে। আমি হাতী দেখাই দিম,ভয় নক্ৰং দে, মাৰে যদি মাৰবো, ধান খালি আৰ মাৰাও ভাল।”দেখিলোঁ বুঢ়ীৰ উল্লাসিত ভাব। বুজিলো, কামৰ লগে লগে খোৱা-বোৱাও ভালদৰেই হৈছে। নিজেও প্ৰকাশ কৰি কলে, “আজি খুব খালাং দে, কি কুৰ্বি আৰ, পুলী পুলীলৈ কাম কল্লং আৰু মদো খালং, খুব খালং, দায় নুধুৰ্বিদে। তই ৰাজা মানুহ, মই তিৰী মানুহ খাই পালাং দে” ইত্যাদি। পিচত জীয়েকক মাতি কলে, “ইটো [ ৫৪ ] আমাৰ ৰাজা, সেৱা কৰ, খৰি-চাউল দিছাহ না নাই? আমি দুখীয়া মানুহ, কি দিম,হাতী দিম দে, হবনা ভাল? কেইটা লাগ্ ব? মই এটা দিম দে? চাওঁতে চাওঁতে ল'ৰা, বুঢ়া, তিৰোতা, এটি এটিকৈ আহি জমা হ'ল। সম্বৰ্ধনাৰ অন্ত নাই—আনন্দৰ সীমা নাই। ৰাতি দুপৰলৈকে নাচ-বাগ আনন্দ চলিল।

 মাল-বস্তু বোজাই দি সাজু হওঁতে হওঁতে সাত বাজিল। বাঙ-ঠাইক বাট দেখুৱাবলৈ লগত লৈ খোজ চাই হাতী চান্দি চান্দি পৰ্বতে পৰ্বতে তিনি বজালৈকে ফুৰিলোঁ। পৰ্বত অতিশয় থিয়। ডাঙৰ ডাঙৰ কাকবাঁহে বাট ভেটি ধৰে। বনৰীয়া হাতীয়ে মূৰ সুমাই দি কোনোমতে সৰকি যায়, কিন্তু মাল-বস্তু লৈ আমাৰ হাতী নিয়া যে কি কষ্ট তাক নেদেখিলে বৰ্ণোৱা টান। অতি সাৱধানে আৰু অতিশয় লাহে লাহে নগলে প্ৰাণৰ সংশয়। তথাপিও মোৰ দুটা চোলা বাঁহৰ আগত ৰৈ গ'ল। খুন্দা-খাটলিৰ অন্ত নাই। হাতীয়ে মাত্ৰ খোজ দিব পাৰে। এনেকুৱা সংকীৰ্ণ বাটেৰে বনৰীয়া পালহাতী চলি গৈছে। আমাৰ হাতী নিওঁতে বুকু ধপধপাই যায়। পিছলিলে আধামাইল তলতহে ৰবগৈ। আমি হিচাপ কৰি চাই দেখিলো, তিনি ঘণ্টাত এমাইলমানহে যাব পাৰিছিলোঁ। যাত্ৰাৰ আদিৰেপৰা শেহলৈকে বৰষুণ। ছাতি লোৱা অসম্ভৱ। গতিকে দিনটো বৰষুণত ভিজোতেই গৈছে। কিন্তু ওৰে দিনটোতে হাতীৰ লগ ধৰিব নোৱাৰিলোঁ। তিনি বজাত সকলো ক্লান্ত হৈ পৰিলো। বাট অতিশয় সংকটজনক। বাট দেখুৱা বাঙঠায়ে ৰায় দিলে, আজি আৰু যোৱা নহব, ৰাতি ইয়াতে থকাই ভাল। তাৰ উপদেশে আমাৰ প্ৰতি আদেশ। জাৰকালি সেই ঠায়েই মনোৰম হলহেঁতেন, কিন্তু বৰষুণত সেই স্থান অতি ভয়ঙ্কৰ। .জোকে-পোকে, মহে-ডাঁহে, সাপে-সুপে, বাঘে-ভালুকে তদুপৰি অন্তিকায় হস্তী পৰিবাৰে ভৰা, কেতিয়া কি প্ৰকাৰে আক্ৰমণ কৰে তাৰ নিশ্চয়তা নাই। ওখ টিলা আছে, তাত পানীৰ সুবিধা [ ৫৫ ] নাই। গতিকে নিজৰাৰ ওচৰত দ ঠাই এডোখৰ যথাসাধ্যে পৰিষ্কাৰ কৰি লোৱা হ'ল। বাঁহৰ অন্ত নাই, বাঁহ কাটি মাউত, ফান্দী সকলোৱে চাং পাতি ললে। চাৰিওফালে ধুনি জ্বলালে।

 পৰ্বত বননিৰে ভৰা কিন্তু হাতীৰ কাৰণে কাটি আনিবলৈ ঘাঁহৰ বিশেষ অভাৱ। অতি কষ্টে গছৰ ডাল-পাত কাটি হাতীৰ খোৰাকৰ ব্যৱস্থা কৰা হ'ল। কিন্তু বিপদৰ উপৰি বিপদ। আৰম্ভ হ'ল চৰপাৰ কামোৰ। জীৱনত বহু কষ্ট পাইছোঁ আৰু স্বইচ্ছাই বৰণ কৰিও লৈছোঁ, কিন্তু সেইদিনৰ চৰপাৰ কামোৰ পাহৰা টান হব। দিনত চৰপাই কামোৰে, কিন্তু ৰাতিও যে চৰপাই বলিয়া কৰিব পাৰে, সেইদিনাহে তাৰ প্ৰমাণ পালোঁ। মোৰ আঠুৱাখন জালৰ, কিন্তু অতিশয় ঘন। তাতো যে ৰাতি চৰপা সোমাই জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে সেই কথা কেতিয়াও মনলৈ অহাই নাছিল। বৰ্ণাব পৰা বিষয়কো কেতিয়াবা কবিয়ে “অবৰ্ণনীয়” “বৰ্ণনাতীত” ইত্যাদি শব্দ প্ৰয়োগ কৰি কল্পনা বঢ়াই তোলে, কিন্তু সেইদিনাৰ আমাৰ অৱস্থা বাস্তৱিকতে প্ৰকাশ কৰি কোৱা টান। ওৰে ৰাতি দুয়োহাতে চৰপা কোবাই প্ৰতি মুহূৰ্তে হস্তী-ব্যাঘ্ৰাদিৰ আগমন প্ৰতীক্ষা কৰি ৰাতি নৌপুৱাওঁতেই, পূবে পোহৰ নৌদিওঁতেই চকৰদ অভিমুখে যাত্ৰ৷ কৰিলো। ঘাঁহ কাটি, হাবি জুৰি, অনাই-বনাই তিনিমান বজাত চকৰদ কেম্প পালো আৰু তেতিয়াই ঘৰলৈ বুলি যাত্ৰা কৰিলো।

 ঘৰ পাই স্থিৰ কৰিলোঁ, চিকাৰৰ মায়া কেইদিনমানৰ কাৰণে ত্যাগ কৰি ছিলঙলৈ গৈ দেহ-সেৱাত মন দিয়া উচিত হব। কাৰণ,শাস্ত্ৰত কৈছে, “শৰীৰমাদ্যং খলু ধৰ্মসাধনম্।” বুঢ়া মিৰি ককাইৰ কথাও মনত পৰিল, “দেহৰ হুখে মনৰ হুখ।” একেকোবে ছিলং পালোগৈ। চোং সলাই বহা ললোঁ। মেচপাৰাৰ খ্যাতনামা জমিদাৰ ভোলানাথ চৌধুৰী ডাঙৰীয়াৰ ঘৰত। তেওঁ সপৰিবাৰে কিছুদিনৰপৰা তাতেই আছিল। নিওঁ নিনিওঁকৈ মোৰ মটৰখন [ ৫৬ ] নিনিলোঁ। গৈ পাই অনুভৱ কৰিলোঁ, নিজৰ মটৰখন অনা হলে ফুৰা-চকা বিষয়ে স্বাধীনতা অলপ বাঢ়িলেহেঁতেন। ঠিক কৰিলোঁ,গাড়ীখন অনোৱাই ভাল; আৰু ভাবিলোঁ, নিজে গৈ অনাই ভাল। এদিন থাকি আবেলি নামি আহিলোঁ। ৬॥ বজাত ঘৰ পায়েই শুনিলোঁ, বৰদুৱাৰ বাগিচাৰ ওচৰত এটা দন্তাল মাৰিবৰ আদেশ দিছে চৰকাৰৰপৰা। কাল বিলম্ব নকৰি শুনা মাত্ৰকে যাত্ৰা কৰিলোঁ বৰদুৱাৰ বাগিচা বুলি। লালীকৈ বৰষুণ দিয়াত পলাশবাৰী-বৰদুৱাৰ আলিৰ কি ভয়ঙ্কৰ অৱস্থা হৈছে তাক জানিও লোভ সামৰিব নোৱাৰিলোঁ। অনিচ্ছুক ড্ৰাইভাৰক সাদৰ বচনেৰে তুষ্ট কৰি অতি কষ্টেৰে সৎপুৰ পালোঁ। তাৰপৰা মটৰ নিয়া অসম্ভৱ। গতিকে মহানুভৱ শ্ৰীমান জয়ৰাম দলৈ মৌজাদাৰৰ সহায়প্ৰাৰ্থী হলোঁ। মনৰ ভাব, তেওঁৰ হাতী লৈ বাকী ৮ মাইল যাম। কিন্তু আমাৰ মনৰ ভাব অনুমান কৰি কলে, “মোৰ হাতীটো মৃতপ্ৰায়,ভালে থাকিলে একো কথা নাছিল। এতিয়া কি উপায়ে বৰদুৱাৰলৈ পঠিওৱা যায়? কালি পুৱা এটা দিহা কৰিব লাগিব। আজি ৰাতি ইয়াতে থাকক।” ৰাতি থকাত মই অমান্তি হলোঁ, কাৰণ, মোৰ ধাউতি হৈছে ৰাতিতে পোৱা আৰু প্ৰথম কুকুৰাই ডাক দিয়াৰ আগতেই হাতী বিচৰা আৰম্ভ কৰা। অতি কষ্টে এখন গৰুগাড়ী মৌজাদাৰৰ অনুগ্ৰহত পালোঁ। গাড়ীখনৰ ওপৰত এখন ছৈ আছে, কিন্তু সেইখনেৰে পানী সৰকে। পানী নপৰাকৈ এখন ঢাকনি দিবলৈ কোৱাত মৌজাদাৰ আৰু গাৰোৱান উভয়ে কলে, “আজি বৰষুণ দিয়াৰ অলপো আগন্তুক নাই, পলম কৰিব নালাগে, গাড়ীত উঠক।”নীৰৱে উপদেশ গ্ৰহণ কৰি শ্ৰীমান কুঁহিৰাম আৰু মই দুয়ো যাত্ৰা কৰিলোঁ। আধা মাইল নৌযাওঁতেই বৰষুণে কণিয়ালে। বাগিচা পাওঁতে ৰাতি ডেৰমান বাজিল। এই বতৰত ইমান ৰাতি দেখি আচৰিত হ'ল। মেনেজাৰ শ্ৰীযুত নগেন্দ্ৰনাথ ঠাকুৰৰ বিশেষ অনুৰোধত এপিয়লা চাহ খাই বিচনাত পৰি চকু মুদি থাকিলো তিনি [ ৫৭ ] বজালৈ। ছিলঙত দিনত খোৱাৰ পিচত ৰাতি দুই বজাত এপিয়লা চাহ খোৱা হ'ল আৰু পুৱা চাৰি বজাত এপিয়লা চাহ খাই হাতী বিচাৰি ওলালোঁ।

 ওৰে ৰাতি বৰষুণ দি আছে। পুৱা যাত্ৰা কৰোঁতেও বৰষুণ এৰা নাই। ছাতি নিলে চিকাৰ নহয়, গতিকে বৰষুণত তিতিয়ে গলোঁ। চাৰি বজাৰপৰা দহবজালৈকে হাতীৰ খোজে খোজে পৰ্বতে-ভৈয়ামে বিচাৰি ফুৰিলোঁ। হাতী খাছীয়াৰ এলেকাৰপৰা উভতি বাগিচাৰ ফালে অহাৰ চিন পালোঁ। আমিও খোজে খোজে বাট ললোঁ, বাটে বাটে ঘৰ ভঙাৰ, শস্য খোৱাৰ চিন পালোঁ। আজি দহ দিনে সেই হাতীটোৰ উপদ্ৰৱত গাঁৱৰ মানুহৰ, বাগিচাৰ মানুহৰ শান্তি নাই। বিচাৰি বিচাৰি বাগিচাৰপৰা তিনিমাইলমান দূৰত এখন বেতনিৰ জাহিত দেখিলোঁ ঘাঁহ খাই আছে। মাত্ৰ পিঠিখন দেখা যায়। হাতীৰ গোন্ধ পাই মই উঠা হাতীজনী উত্ৰাৱল হ'ল। প্ৰমাদ গণিলোঁ। বইঠ পেলাই নামিবৰ চেষ্টা কৰিলোঁ, কিন্তু ভয়তে বইঠ নপৰে। কি কৰিম, কি নকৰিম খন্তেক চিন্তা কৰি পিঠিৰ তললৈ ঠিক কৰি মাৰিলোঁ গুলী। গুলী খায়েই ঠাইতে ঘূৰিল আৰু আমাৰ পিনে খোজ ললে। ময়ো লগে লগে মাৰিলোঁ দ্বিতীয় গুলী। সেই গুলী খাই বইঠ পৰাৰ দৰে বহিল। কিন্তু হাতীয়ে গুলী খালেপ্ৰায়ে হয় বাগৰে নহয় পলায় আৰু সময়ত অলপ দূৰলৈ গৈ পৰাৰ আগতে গছৰ আশ্ৰয় লয়। কিন্তু এই হাতীটোৱে বহা অৱস্থাতেই আৰু ছয় গুলী খোৱাৰ পিচতহে বাগৰ ললে। দেখোঁ — অতিকায় হস্তী। প্ৰায়ে এনেকুৱ৷ ডাঙৰ হাতী লগ পোৱা নাযায়। ওখ প্ৰায় ১০ ফুট, দাঁত এমোনৰ ওপৰ। এনেকুৱা দাঁত মই আগেয়ে দেখা নাই। এদিনত দাঁত উলিওৱা সম্ভৱ নহল। শ্ৰীমান কুঁহিৰামক তাতে এৰি মই ঘৰলৈ আহিলোঁ। এডোখৰ বাট খোজকাঢ়ি আহিবলগীয়া হৈছিল, সেই ডোখৰতেই হাতী-বাঘৰ ভয়। লোহাৰ-ঘাট পাওঁতে ৰাতি ন মান বাজিল। তাতে মটৰত উঠিলোঁ। বাট [ ৫৮ ] ইমান বেয়া যে ৩৷৪ বাৰমান মটৰ বগৰাৰপৰা কথমপিহে ৰক্ষা পৰিছিল। দুইমান বজাত ঘৰ পালোঁ। কাইলৈ পুনৰ ছিলঙলৈ যাম বুলি ভাবিছোঁ, যদিহে ইতিমধ্যে হাতী-মাখিৰ একো বিশেষ খবৰ নোলায়।