নাই। গতিকে নিজৰাৰ ওচৰত দ ঠাই এডোখৰ যথাসাধ্যে পৰিষ্কাৰ কৰি লোৱা হ'ল। বাঁহৰ অন্ত নাই, বাঁহ কাটি মাউত, ফান্দী সকলোৱে চাং পাতি ললে। চাৰিওফালে ধুনি জ্বলালে।
পৰ্বত বননিৰে ভৰা কিন্তু হাতীৰ কাৰণে কাটি আনিবলৈ ঘাঁহৰ বিশেষ অভাৱ। অতি কষ্টে গছৰ ডাল-পাত কাটি হাতীৰ খোৰাকৰ ব্যৱস্থা কৰা হ'ল। কিন্তু বিপদৰ উপৰি বিপদ। আৰম্ভ হ'ল চৰপাৰ কামোৰ। জীৱনত বহু কষ্ট পাইছোঁ আৰু স্বইচ্ছাই বৰণ কৰিও লৈছোঁ, কিন্তু সেইদিনৰ চৰপাৰ কামোৰ পাহৰা টান হব। দিনত চৰপাই কামোৰে, কিন্তু ৰাতিও যে চৰপাই বলিয়া কৰিব পাৰে, সেইদিনাহে তাৰ প্ৰমাণ পালোঁ। মোৰ আঠুৱাখন জালৰ, কিন্তু অতিশয় ঘন। তাতো যে ৰাতি চৰপা সোমাই জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে সেই কথা কেতিয়াও মনলৈ অহাই নাছিল। বৰ্ণাব পৰা বিষয়কো কেতিয়াবা কবিয়ে “অবৰ্ণনীয়” “বৰ্ণনাতীত” ইত্যাদি শব্দ প্ৰয়োগ কৰি কল্পনা বঢ়াই তোলে, কিন্তু সেইদিনাৰ আমাৰ অৱস্থা বাস্তৱিকতে প্ৰকাশ কৰি কোৱা টান। ওৰে ৰাতি দুয়োহাতে চৰপা কোবাই প্ৰতি মুহূৰ্তে হস্তী-ব্যাঘ্ৰাদিৰ আগমন প্ৰতীক্ষা কৰি ৰাতি নৌপুৱাওঁতেই, পূবে পোহৰ নৌদিওঁতেই চকৰদ অভিমুখে যাত্ৰ৷ কৰিলো। ঘাঁহ কাটি, হাবি জুৰি, অনাই-বনাই তিনিমান বজাত চকৰদ কেম্প পালো আৰু তেতিয়াই ঘৰলৈ বুলি যাত্ৰা কৰিলো।
ঘৰ পাই স্থিৰ কৰিলোঁ, চিকাৰৰ মায়া কেইদিনমানৰ কাৰণে ত্যাগ কৰি ছিলঙলৈ গৈ দেহ-সেৱাত মন দিয়া উচিত হব। কাৰণ,শাস্ত্ৰত কৈছে, “শৰীৰমাদ্যং খলু ধৰ্মসাধনম্।” বুঢ়া মিৰি ককাইৰ কথাও মনত পৰিল, “দেহৰ হুখে মনৰ হুখ।” একেকোবে ছিলং পালোগৈ। চোং সলাই বহা ললোঁ। মেচপাৰাৰ খ্যাতনামা জমিদাৰ ভোলানাথ চৌধুৰী ডাঙৰীয়াৰ ঘৰত। তেওঁ সপৰিবাৰে কিছুদিনৰপৰা তাতেই আছিল। নিওঁ নিনিওঁকৈ মোৰ মটৰখন