পৃষ্ঠা:Yugnayak Sankardeva.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১
শঙ্কৰদেৱৰ তীৰ্থভ্ৰমণৰ তাৎপৰ্য্য


সমস্ত তীৰ্থৰ আশা এড়ি সেহিক্ষণে।
কৃষ্ণৰ অভয় পদে পশিল শৰণে॥
শৰদেৱক আৰু পশিয়া নিশ্চয়।
তান সঙ্গে আনন্দে ৰহিল মহাশয়॥ ২৩২।
গয়াপাণি নাম তান দূৰ কৰিলন্ত।
ৰামদাস নাম দেৱ শঙ্কৰে দিলন্ত॥” ২৩৩।

কবীৰে তীৰ্থ-প্ৰসঙ্গত দুটি মনত ৰাখিব লগা কথা কৈছেঃ-

(১) “তীৰথ মে ত সব, পানী হ্য়ায়। হোৱে নাহি কুছ্ নাহি দেখা।”

(২) “বাগো না যাবে না, তেৰি কায়া মে গুলজাৰ।”