সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৬৯
প্ৰহ্লাদ-চৰিত্ৰ

মূৰ্ত্তি ধৰি বেদ-শাস্ত্ৰগণ।
কৰে বেঢ়ি মহিমা-কীৰ্ত্তন॥
চৈধ্য ভুৱনৰ বন্দ্য স্থান।
যাক কৃষ্ণে কৰিছা নিৰ্ম্মাণ॥ ১৬
হেন বৈকুণ্ঠত চাৰি মুনি।
ভ্ৰমন্ত কীৰ্ত্তন-ধ্বনি শুনি॥
কৃষ্ণৰ আৱাস পাইলা পাছে।
ৰত্নময় দ্বাৰসৱ আছে॥ ১৭
লগাই আছে হীৰাৰ কপাট।
ৰত্নে বিৰচিত যত বাট॥
হেন দ্বাৰচয় চড়াই পাছে।
দেখন্ত দোগোটা দ্বাৰী আছে॥ ১৮
সপ্তম দ্বাৰৰ দুই পাশে।
দুইৰো শিৰে কিৰীটি-প্ৰকাশে॥
পদ্ম-নেত্ৰ বদন-মণ্ডলে।
শোভে গণ্ড মকৰ-কুণ্ডলে॥ ১৯
সুন্দৰ নাসিকা অল্প হাস।
চাৰু শ্যাম তনু পীতবাস॥


পা• ১৮॥ দ্বাৰী--দেৱ