এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৭৯]
৭৭১
নিৱেদন
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু॥ ৩৭৫
নিৱেদন
কতনো অমোঘ অপৰাধ হৰি
কৰিয়া আছে প্ৰচুৰ।
বুদ্ধিত থাকিয়া নেদাহা সুবুদ্ধি
কৃপাৰ হুয়া ঠাকুৰ॥ ৩৭৬
যিহেতু তোহ্মাৰ চৰণ-পঙ্কজে
নভজিলো নাৰায়ণ।
সিহেতু অনাদি অবিদ্যা আহ্মাৰ
কৰিলে জ্ঞান উছন্ন॥ ৩৭৭
তুমি নিজ পিতৃ গুৰু ইষ্টদেৱ
নভজো তোহ্মাৰ পাৱে।
এহি দোষে মোক যম-দূতে ধৰি
যাতনা দুখ ভুঞ্জাৱে॥ ৩৭৮
তুমি প্ৰিয় আত্মা পৰৰ দেৱতা
তোমাত ভৈলো বিমুখ।
এতেকে তোহ্মাৰ মায়ায়ে আহ্মাত
দিলেক সংসাৰ দুখ॥ ৩৭৯
পা ৩৭৮ঃ ইষ্টদেৱ—ইষ্ট মোৰ।
৩৭৯ঃ—(নাই)।