সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


একবিংশ কীৰ্ত্তন

ঘোষা॥ জয় হৰি জয় ৰাম॥২১

পদ॥ গোপ-ৰূপে নন্দ তনয়।
 শুভক্ষণে কৰিলা বিজয়॥
 বাজৈ শিঙ্গা বাংশীৰ নিসান।
 কংস–বধে কৰিলা পয়াণ॥ ২৪৫
 ৰথে চড়ি লড়িলা মুৰাৰি।
 পড়ি পড়ি কান্দে গোপ-নাৰী॥
 হৰিৰ বিৰহে তনু তাৱে।
 যেন ভৈল বাতুল-স্বভাৱে॥ ২৪৬
 কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়।
 আমাৰ প্ৰাণক কোনে নেয়॥
 ক্ৰূৰ অক্ৰূৰ ভৈল বৈৰী।
 জীৱ কাঢ়ি নেয় কেন কৰি॥ ২৪৭
 কিনো হৰি নিদাৰুণ ভৈলা।
 গোকুল অনাথ কৰি গৈলা॥
 কৃষ্ণ বিনে কি কৰৈ জীৱনে।
 আউৰ কোনে যাইবে বৃন্দাবনে॥ ২৪৮
 প্ৰভাতে ৰাখিবে কোনে ধেনু।
 কোনে বাইবে সুললিত বেণু॥