সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮

ঘিনাই বৰ বৰুআ,ও ঘনস্যামক ভাঙ্গি পুতেক নিৰ্গুণ বৰ ফুকন-এই সকল বিসয়া হল। এঁও বৰ ফুকনেই ৰজা হোৱাত কাৰ্বাৰ কৰা আপাহত পানি জাপিত সােনৰ চুলা পালে। পাচে মান আলুঙ্গমিঙ্গি বৰ গােহাঁই ফৌজেৰে অহাত, মাচখােআ গৰতে বৰ ৰন হল। এই ৰনতে পৰাস্ত হৈ মন্ত্রিবৰ্গে সহিতে ১৭৪০ সঁকৰ ২৪ ফাগুনত সপৰিবাৰে সৰ্গদেও গুআহাটিলৈ গৈ, ঐ নিৰ্গুনক ভাঙ্গি পাতৰৰ গগৈ ন ফুকনক বৰ ফুকন পাতি মানেৰে ৰন কৰিবলৈ পঠোআত ৰনুআ কোঠতে নৰিয়া পৰি বৰ ফুকন খাগৰি জানত মৰিলত, ঐ ঘিনাই বৰ বৰুৱাক বৰ ফুকন, ও লাহনৰ গুআহাটিয়া ডেকা ফুকন ভিচোক বৰ বৰুআ পাতি, সেই ৰনলৈকে পঠোআত পৰাং-মুখ প্রজুক্ত গুহাটিৰ পৰা ও পৰদেসলৈ সপৰিজনে সর্গদেও ভাগি গল। এই হেতুকে ভােগ ১ বচৰ, ১৪ দিন। ইতি। ৩৮।. ইতি বুৰঞ্জি সাৰে চতুর্থ খণ্ডং।

পঞ্চম খণ্ড ।

 পাচে মানৰ ঐ আলুঙ্গমিঙ্গি বৰ গােহাঁয়ে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱক পুনৰ ৰজা পাতি থৈ দেসলৈ গল । ৰজা হৈ সৰ্গদেৱে মটকৰ মাতিবৰ বৰ সেনাপতিৰ ভায়েক কলিব-ৰক বুৰা গােহাঁই পাতিলে, ও অনিৰ ভায়েক ধনিক বৰ পাত্ৰ