বিৰাট পৰ্ব্ব উত্তৰাক আদি কৰি যত কন্যাগণ। নিতে নিতে পূজে ধনঞ্জয়ৰ চৰণ॥ একোজনে নিচিনিল আছিলা তহিতে। দ্ৰৌপদী অৰ্জ্জুন ভীম তিনি সমন্বিতে। ১৮৯৩১ অনন্তৰে নকুলে চাবুক ধৰি হাতে। অশ্ববন্ধৰূপ ধৰি প্ৰবেশ সভাতে। শাৰী শাৰী ঘোঁৰা আছে ৰাজাৰ আগতে। তাকে চাই ৰহিলন্ত ঘোঁৰা ওচৰতে॥ ১৮৯৩২ ঘোঁৰাৰ ওচৰে ৰাজা নকুলক দেখি। সমাজত পুছিলন্ত খানিকো নাপেক্ষি। এগোটা সুন্দৰ নৰে চাহি ফুৰে হয়। এহি হয় জ্ঞান জানৈ কহিলো নিশ্চয়॥ ১৮৯৩৩ একেশ্বৰে আসি আছে আন নাই সঙ্গে। যেন পুষ্প বলে লৈয়া আসিল অনঙ্গে। শীঘ্ৰে ডাকি আনে৷ আতে পুছোহো আপুনে। কোথেৰ পুৰুষ ইটে৷ আইল মোৰ থানে॥ '৩৪ ৰাজাৰ আদেশে বীৰে সমীপ চাপিল। জয় হোক বুলি নৃপতিক আশংসিল। নকুলে বেলিন্ত জয় হোক নৰপতি। পাণ্ডৱক জানা তুমি নাজানা সম্প্ৰতি॥ ১৮৯৩৫ তেহো দিয়৷ আছন্ত ঘোঁৰাৰ কৰ্ম্ম যত। ঘোঁৰাৰ চিকিৎসা গুণ জানোহে৷ সমস্ত॥ ঘোঁৰাৰ যতেক গুণ সম্বৰিয়া ঘন। ঘোঁৰাক দেখিলে জানে৷ যাৰ যেন মন॥ ১৮৯৩৬ ৰথৰ যতেক ঘোঁৰা ৰাহুত যতেক। সবাকে৷ শিখাইবে৷ মই প্ৰত্যেক প্ৰত্যেক আৰো একবাক্যে বোলো শুনা নৃপবৰ। যেন ঠান হৱে হয়চয় প্ৰত্যুত্তৰ॥ ১৮৯৩৭ অন্যত্ৰ মনুষ্যে আৰ নজনিয় ৰোগ। যেন ঠান হয় কহিবাক লাগে ভোগ॥ যাহাৰ প্ৰসাদে দুষ্ট নোহে শিশু ঘোৰ। নিচিনব বৃদ্ধকো বেগৰে৷ নাহি যোৰ। ১৮৯৩৮ সবে হয়গুণ জানো কহিবোহে৷ কিক। সকলে চিকিৎসা জানো নামত গ্ৰন্থিক বিৰাটে বোলন্ত মোৰ যতেক বাহন। ঘোঁৰা ৰক্ষা আছয় যতেক গুণগণ॥ ১৮৯৩৯ আজি হস্তে সবাতো কৰিয়া অধিকাৰ। যেৱে জানা এহি কৰ্ম্ম উচিত তোমাৰ॥ যেতিক্ষণে তোমাসাক দেখিলো নয়নে। ৰাজা যুধিষ্ঠিৰক দেখিলো মানে৷ মনে॥ ১৮৯৪০ হৰি হৰি যুধিষ্ঠিৰ কৈক লাগি গৈলা। ইহেন সেৱকে কেনে নগৰ এৰিলা॥ সমাজত চায়া থাকে তব ভৃত্যগণ। সেৱকক এৰি কেনে সুখে আছা বন॥ ১৮৯৪১ জানিবা মোহোৰ ৰাজ্য পাণ্ডৱৰ ৰাজ। অচিন্তে থাকিয়ো বাপু আমাৰ সমাজ। এহিৰূপে পাঞ্চোভাই বিৰাট নগৰে। সুখে আছিলন্ত নিচিনিল একো নৰে॥ ১৮৯৪২ দ্ৰৌপদীয়ে৷ যত্ন কৰি সুদেষ্ণাক সেৱে। পাণ্ডৱৰ পত্নী বুলি নিচিনিল কেৱে॥ পাশা খেলি যুধিষ্ঠিৰে যত ধন পাস্ত। চাৰি ভাইক কিছু কিছু কৰি বাটি দেস্ত॥ '৪৩ নচায়া গৱায়৷ ধনঞ্জয়ে পাস্ত বিত। সবাহাঙ্কে৷ যোগাৰম্ভ কিঞ্চিত কিঞ্চিত | ৰান্ধিবাৰ মৎস্য মাংস যতেক আগলে। ভাইক দেন্ত ভীমে বিকিবাৰ চলে॥ '৪৪ ঘোঁৰা ভাল দেখিয়া প্ৰসাদ দেই নৃপে। নকুলেও বণ্টা কৰি দেই সেই চিপে। সহদেৱে দধিক যে বিকিয়| ফুৰম্ভ। 1 চাৰি ভাইক যোগাৱন্ত কেহো নজানন্ত॥ ১৮৯৪৫ পাঞ্চোভাইৰ দুখ দেখি দ্ৰুপদনন্দিনী। সুখে দুখে আছিলন্ত কাল গুণি গুণি॥ দুৰ্য্যোধন পাপিষ্ঠক ভয়ে পাঞ্চে৷ ভাই। মাৱৰ গৰ্ভত যেন পশিল জুনাই॥ ১৮৯৪৬ আপুনাৰ দুখক সবাৰো গাৱে সহে। পাঞ্চালীৰ দুখে সবাহাৰে তক্ষু দহে॥ অজ্ঞাত কালৰ যেৱে মাস চাৰি গৈল। মৎস্যৰাজ্যে ব্ৰাহ্মণৰ মহোৎসৱ ভৈল। ১৮৯৪৭