সমললৈ যাওক

পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা উদাহৰণ কেইটা মোৰ নিজৰ নাটকৰ পৰা তুলি দি অশালীন কামেই কৰিছোঁ,— কিন্তু ই ইচ্ছাকৃত নহয়, বাধ্যত পৰিহে।

 খেল পথাৰৰ পৰা চলন্ত টিপ্পনীকাৰ হিচাপে তেওঁৰ দক্ষতা সম্পৰ্কে মই কবলৈ নাযাওঁ, কাৰণ এই বিষয়ে মই নিজে অজ্ঞ। মাত্ৰ ৰেডিঅ’ত থাকোঁতে এই বিষয়ে বিভিন্ন শ্ৰোতাৰ মতামত যোগাৰ কৰি জানিব পাৰিছিলোঁ যে ইউছুফৰ কমেণ্ট্ৰী কিছু দোষযুক্ত বুলি যদিও তেওঁৰ সতীৰ্থসকলে কয় তথাপি তেওঁৰ স্পষ্ট, বলিষ্ঠ আৰু সাৱলীল কণ্ঠই সৰ্বসাধাৰণ শ্ৰোতাৰ বাবে কমেণ্ট্ৰী ভাল লগা আৰু গ্ৰহণযোগ্য কৰি তুলিছিল।

 তাহানি আনোৱাৰ হুচেইনৰ ‘সৰাপাত’ ছবিতে আত্মপ্ৰকাশ কৰা তচদ্দুক ইউছুফে এতিয়ালৈকে বহুতো ছবিত অভিনয় কৰিলে; কিন্তু মনে বিচৰা ভূমিকা কিমান পাইছিল নাজানোঁ। আজিকালি অসমীয়া ছবিতো বহুত হৈ থাকে, পিচে জনামতে, এতিয়া পৰিচালকে ইউছুফক নিবিচৰা হ’ল। ইফালে তেওঁৰ সীমাহীন কল্পনা আৰু সপোন; আকৌ কোনো ক্ষেত্ৰতে আপোচো কৰিব নোৱাৰে, কাৰণ পাৰ্ফেক্‌শ্যণৰ প্ৰতি তেওঁৰ অতিশয় শ্ৰদ্ধা। তেওঁৰ সকলো চোৱা নাই যদিও যিবোৰ চাইছোঁ তাৰ
৭২