পৃষ্ঠা:হেমকোষ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৱতাৰী
অৱসান্
৪৭

আগমন কৰা দেৱতা; এতেকে, আকাৰ নথকা বস্তুয়ে ধৰা আকাৰ; যেনে, বিষ্ণুৰ অৱতাৰ, a deity in an incarnate form; an incarnation.

অৱতাৰী, বি. (সং. অৱতাৰিণ্‌, অৱতাৰ-হোৱা -- অৱ + তৃ) অৱতাৰ-হোৱা, আকৃতি ধৰি পৃথিবীলৈ অহা; যেনে, অৱতাৰী পুৰুষ, incarnate.

অৱতীৰ্ণ, বি. (সং.) আকৃতি ধৰি পৃথিবীত উপস্থিত; যেনে, বিষ্ণু পৃথিবীত অৱতীৰ্ণ হৈছিল, descended in an incarnate form upon earth.

অৱধান্, স.শ. (সং. অৱধান, মনোযোগ -- অৱ, উপস. + ধা, ধাৰণ কৰ) মনোযোগ, মন-দিয়ন, কাণ-পাতন, attention, heed.

অৱধাৰিত্, কৃদ.বি. (সং. অৱধাৰিত, নিশ্চিত -- অৱ, পূৰ্ব্বে + ধৃ, ধৰ্‌) নিশ্চিত, নিশ্চয় কৰা, স্থিৰ কৰা, ascertained, determined. resolved.

অৱধি, স.শ. (সং. অৱধি, সীমা -- অৱ, উপস. + ধা, ধাৰণ কৰ্) সীমা; অন্ত; যেনে, আকাশৰ অৱধি নাই, limit. আনু. অব্য়. সীমাকৰি; যেনে, সেই অৱধি, তদৱধি (এনে বোৰ কথা ক্ৰিয়া বিশেষণ হয়), since, ever since.

অৱনত্, ক্ৰি.বি. (সং. অৱনত, চাপৰোৱা -- অৱ, উপস. + নম্. সেৱা কৰ) চাপৰা, মূৰ-দোঁওৱা; যেনে, অৱনত হৈ কলে, bending, stooping, bowing.

অৱনতি, স.শ. (সং.) নত হোৱা বা চাপৰা কাৰ্য্য; সম্পদ নষ্ট হোৱা অৱস্থা, পতন; যেনে, এই দেশৰ উন্নতি নাই, ক্ৰমে অৱনতি হে হৈছে, the act of lowering or bending; a fall, degradation.

অৱনী, স.শ. (সং, অৱনী, পৃথিবী -- অৱ, ৰক্ষা কৰ্; পৃথিবীয়ে সকলো ধৰি আছে, এতেকে) পৃথিবী, the earth.

অৱমাননা, স.শ. (সং. অৱমাননা, অসন্মান -- অৱ, উপস. + মান, মৰ্য্যতা) অমৰ্য্যতা, অসম্ভ্ৰম, অনাদৰ, disrespect, disregard.

অৱলম্ব, স.শ.(সং. অৱলম্ব, আশ্ৰয় -- অৱ, উপস. + লম্ব, ওলম্) আশ্ৰয়, সহায়, support, some person or thing to depend upon.

অৱলম্বন্, কৃদ.স. (সং.) আশ্ৰয়-কৰণ; যেনে, সন্ন্যাসীয়ে জীবিকাৰ নিমিত্তে ভিক্ষাক অৱলম্বন কৰে; ওলমন্, কোনো বস্তুত ধৰি ৰৈ থাকন; যেনে, নাও বুৰিলে সেই নাওতে অৱলম্বন কৰিব লাগে, the act of depending or hanging on.

অৱলোকন্, কৃদ.স. (সং. দৃষ্টি-কৰণ -- অৱ, উপস. + লোক্‌, দেখ্) চাওন, দেখন, দৃষ্টিকৰা কাৰ্য্য, the act of seeing or looking.

অৱশিষ্ট, কৃদ.বি. (সং. অৱশিষ্ট, বাঁকী -- অৱ, উপস. + শিষ্, এৰ) ব্যৱহাৰৰ পাচত বাঁকী থকা; যেনে, অৱশিষ্ট ধন, remaining.

অৱশেষ্, স.শ. (সং.) ব্যৱহাৰৰ পাচত বাঢ়ি থকা ভাগ, আগলিকা; যেনে, লোকে খোৱাৰ অৱশেষ খাব নেপায়; অন্ত, শেষ; যেনে, অৱশেষত এই কথা কব লাগে, leavings; remainder; termination, conclusion.

অৱশ্য, ক্ৰি.বি. (সং. অৱশ্য, নিশ্চয়ে -- অৱ, উপস. + ৱশ্, দমন কৰ্) নিবাৰণ কৰিব নোৱৰাকৈ, নিশ্চয়ে; যেনে, তেওঁ এই কাম অৱশ্য কৰিব, তুমি অৱশ্য আহিবা, certainly, necessarily, of course.

অৱশ্যে, ক্ৰি.বি. (অং.) অৱশ্য; যেনে, এই কাৰ্য্য় অৱশ্যে হব, certainly, of course. অসমীয়াত প্ৰায়ে "অৱশ্যে" ব্যৱহৃত হয়।

অৱসৰ্, স.শ. (সং. অৱসৰ, আজৰি -- অৱ, উপস. + সৃ, গতি কৰ্‌), অৱকাশ, আজৰি; যেনে, কামৰপৰা অৱসৰ নাই, leisure, freedom from occupation.

অৱসৰীয়া, বি. (অং.) অৱকাশ-থকা, আজৰীয়া (মানুহত বা সময়ত খাটে); যেনে, অৱসৰীয়া মানুহ, অৱসৰীয়া কাল, having leisure, free from occupation, unoccupied with work, not engaged.

অৱসান্, স.শ. (সং. অৱসান্, অন্ত -- অৱ, উপস. + ষো, অন্ত হ) অন্ত, শেষ, সমাপ্তি;