জতিজা জীয়েক আছে, যাৰ ৰূপে দেখিলে দুপৰৰ বেলিয়েও ক্ষন্তেকলৈ ৰথ ৰাখি যায়। এদিন দুপৰীয়া চাহাবে ভূধৰ বৰমহৰীক নিজৰ বঙ্গলালৈ মতাই আনি তলত লিখাৰ দৰে কথা বাৰ্ত্তা হল;
স্কট। "ওৱেল ভূধৰ, মই হুনিছে, তোৰ ভতিজা এজনী বাঁৰী হৈ ঘৰতে আছে?"
ভূধৰ। "হয় হজুৰ, আছে।"
স্কট। "মই হুনিছে হেইজনী বৰ হুন্দৰী আছে।”
ভূ। "আছে হজুৰ।"
স্কট। – “তাইক মোক দিব লাগে, মই চাদি কৰিবে।"
ভূধৰে চাহাবৰ কথা শুনি কাণত আঙ্গুলি দি চৰগ-পৰা মানুহৰ দৰে থিয় হৈ অবাক!
স্কট। -"কথা নাকহিছে কিয়? তুমি তোমাৰ ভতিজাক মোক জৰুৰ দিব লাগিব।"
ভূ।- "সেই কাম হ'ব নোৱাৰে হজুৰ। ভূমি দুই কৰ্ণত হাত দিবলগীয়া কথা। আমি বামুণ মানুহ, হিন্দু মানুহ হজুৰ, আমি এনে কাম কৰিলে তল যাম হজুৰ। আমাৰ জাত-কুল যাব হজুৰ। হজুৰ খোদাবান্দা, এনে কামলৈ হজুৰে গোলামক নধৰিব।"
এই বুলি ভূধৰে আঠু কাঢ়ি চাহাবক হাতজোৰ কৰে।
স্কট।— "তোমাৰ কি জাতি যাবে, জাতি না যাবে, মই দস্তুৰমত চাদি কৰিবে; তোমাক ৰূপীয়া পইচা দিবে, বহুৎ দিবে; ডাঙৰ মানুহ কৰি দিবে, কোনো ভয় নাই আছে।"
ভূ।— “নহয় হজুৰ, গোলামে এনে কাম কৰিব নোৱাৰোঁ। গোলামক হজুৰে ছোৱা-ছোৱাকৈ কাটি পেলালেও নোৱাৰোঁ।"
স্কট।— “ডেম বদ্জাত! তুমি হামিকে চিনি নাই পাইছে, তোমাক হামি গুলি কৰিবে, জান লিবে, ডিচ্মিচ্ কৰিবে! মগৰ, তুমি হামাৰা হকুম মাফিক কাম কৰিবে তো তোমাক হামি বহুৎ বৰা আদমি বনাই দিবে। তোমাৰ মলুকত চব আদমিকা উপৰ তোমাক বৰা বনাই দিবে। দেখ ভূধব! তোমাক হামি নাহি চাৰিবে, তুমি হামাৰা হুকুম তামিল কৰিবে হুবেই হুবে।”
৩।আধ্যা।
ব্ৰিটন "বাচ্ছা" স্কট চাহাব সহজ পাত্ৰ নহয়। হাব কাক কয় তেওঁ নেজানে। পোনতে ভয়, শেহত লোভ, খোচামোদ, ধমক আদি চোকা চোকা