সমললৈ যাওক

পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় সৰ্গ
(বাৰ্ত্তা)

 সুৰপুৰে সুৰপতি সুৰবৃন্দ লৈয়া
বসে যথা স্বৰ্ণাসনে; কনক লঙ্কাত
সুউচ্চ দ্বিৰদৰদ নিৰ্ম্মিত আসনে,
—খচিত হীৰক হেমে—, পাত্ৰ মিত্ৰ সহ
বসিছে লঙ্কেশ যথা গম্ভীৰ আননে।
সুপ্ৰশস্ত সভাগৃহ,—কান্তি অতুলন,
লেখনী বৰ্ণনাতীত—; স্তম্ভ স্ফটিকৰ;
ৰত্নৰ কুসুম সহ সুবৰ্ণ-লতিকা।
চিত্ৰিতা ঘেডিয়া স্তম্ভ, বিটপীৰ দেহে
ঘেডিয়া ব্ৰততী যথা পুষ্প-ৰত্ন সহ।
মণিময় চন্দ্ৰাতপ,—নভঃস্থল যেন
তাৰাময়,—কৰে শোভা স্বৰ্ণছাদ তলে,
প্ৰকাশি বিমল বিভা উজলিয়া গৃহ।
গ্ৰথিত সুবৰ্ণ-সূত্ৰে সুচিকণ অতি
জালৰ জুলিছে চন্দ্ৰাতপ-চাৰি কাশে,


 দ্বিৰদ—হস্তী। ৰদ—হাতী দাঁত। বিটপী—বৃক্ষ। ব্ৰততী—লতা।