পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি পোৱা যায়। —এই কথা ফাকি উদাহৰণ দি বুজাই দিয়া। প্ৰতিজ্ঞা প্ৰৱন্ধৰ ৰজাৰ আগত মকৰাই প্ৰতিজ্ঞাবদ্ধ হৈ পুনঃ পুনঃ চেষ্টাৰে জালপতা উদাহৰণটো ইয়াত বৰ্ণাব লাগিব। G (থ) “আপুনি য’ত নাথাকিল------------ভোজন কৰিম?” — ওপৰৰ কথা ফাকি কোনে কেতিয়| কি উদ্দেশ্যে কৈছিল বিবৰি লিখা।— শঙ্কৰদেৱৰ উজনি অসম পৰিত্যাগ’ প্ৰৱন্ধৰ মাধৱদেৱৰ নিৰ্দ্ধাৰিত ঠাহত শঙ্কৰদেৱে নাও নৰখাত মাধৱদেৱে আধা-লিজা ভাতৰ চৰু উবুৰিয়াই থৈ আহি শঙ্কৰদেৱ ৰোৱা ঠাই পায়। আৰু শঙ্কৰদেৱৰ প্ৰশ্নৰ উত্তৰত এই খিনি কথা কয়। ইয়াকে পাঠ্যত থক। দৰে বৰ্ণালেই হব। (গ) এই কাৰিকৰবোৰে কৰা দ্বীপ............কেইবাটাও আছে। - এই বাক্যত উল্লেখ কৰা কাৰিকৰ বোৰ কোন আৰু সিহঁতে কৰা দ্বীপ বোৰৰ বিষয়ে কি জানা লিখা — সাগৰ তলিৰ কথা' প্ৰৱন্ধৰ পোৱাল পোক আৰু সিহঁতে কৰা দ্বীপৰ বিষয়ে পাঠ্যত থকাদৰে বৰ্ণালেই হব। ৬। (ক)তলত দিয়া শব্দ বিলাকৰ যেই সেই পাঁচোটাৰ অৰ্থ লিখ গলধন ধৰা=ডিঙিৰ ওপৰত বেছিকৈ মঙ্গহ ধৰা। পলৰীয়া = পলোৱা, গোপনে লুকাই থক॥ ফৈ=জ’ৰী ডোল। চুচুৰীয়া = অলপীয়া, = সামান্য = দেউল=দ’ল, দেৱালয়, দ’ম, উমান = গম, আঁট কাল। লুবাস = সুগন্ধ। শ্ৰকৃষ্ণৰ দৌল-যাত্ৰ৷ উৎসৱ। - (খ) তলত দিয়া খণ্ড বাক্য বিলাকৰ যেই সেই পাঁচোটাৰ ব্যৱহাৰ দেখুৱাই বাক্য ৰচনা কৰা চকুমুদা—পিতাকে যেতিয়া চকুমদে তেতিয়া তেওঁৰ বয়স মাত্ৰ তিনি বছৰ। চকু চৰহা — লোকৰ শ্ৰীবৃদ্ধি হোৱ৷ দেখি চকু চৰহা মানুহৰ চকু পুৰিবলৈ ধৰে। থৌকি বাথৌ—ডাঙৰ বতাহে সৰু খালৰ পানীকে৷ ঢৌৰে থৌকি বাথৌ কৰে। আপোনপেচীয়া মানুহে আনৰ লাভ নিচিন্তে। গাভঙ্গ।—বেমাৰ ভাল হোৱাত নৰিয়াই এটিয়৷ গাঙাই উঠিছে। পেটাউঠ,—ডাঙবৰ ঠেলা-হেচাত সৰুই পেট৷ উঠি মৰে। ৭। (ক) অনিয়মিত ক্ৰিয়| কাক বোলে? উদাহৰণ দি বুজাই দিয়া। ৫