পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পুথি-ভৰাল ।


অমূল্যৰত্নৰাজী=মূল্য দি নোপোৱা, অতিশ্ৰেষ্ঠ বস্তু সমূহ। একচেতিয়া = এহতীয়া, এজনৰ স্বতৃত থকা। অনুষ্ঠান =সজ শিক্ষাৰ স্থান। আশানুৰূপ = আশা+অনুৰূপ; আশাৰ জোখাই। অনুশীলন = অভ্যাস। উপযোগিতা = আৱশ্যকতা। অধইচ্ =বৰ নীচ, নিকৃষ্ট, অধম।

 এই প্ৰৱন্ধ পঢ়ি আমাৰ মনত এনেবিলাক প্ৰশ্নৰ উদয় হয় :-

১। পুখি-ভড়াল কাক বোলে?

২। পুৰণি কালৰ সাঁচিপতীয়া ধোৱাচাঙত তুলি থোৱা পুথিবিলাক আমাৰ কি কি কামত আহে?

৩। ধোৱাঁচাঙত তুলি থোৱাৰ পৰা পুথিবিলাকৰ কি ভাল বা বেয়া হৈছিল?

৪। লিখি থোৱা প্ৰথা ওলোৱাৰ আগেয়ে জ্ঞান বিদ্যাৰ চৰ্চা কেনেকৈ হৈছিল আৰু সেই জ্ঞান-বিদ্যা কেনেকৈ সঞ্চিত হৈছিল?

৫। ছপা-কলে মানৱ জাতিৰ জ্ঞান-বিদ্যা অৰ্জনত কি প্ৰকাৰে আৰু কি পৰিমাণে সহায় কৰিছে?

৬া পুথিভড়ালৰ নিয়ম নীতি বিলাক বৰ্ণনা কৰা? (ক) পুথিভড়ালত কিতাপবোৰ নিৰাপদে ৰখাৰ কি উপায় কৰে?

৭। পুথি-ভড়ালৰ উপকাৰ বৰ্ণনা কৰা?

(ক) কিতাপ বাচিব আৰু পঢ়িব জনাৰ ওপৰত জ্ঞান-বিদ্যা অৰ্জ্জন কেনেকৈ নিৰ্ভৰ কৰে?

৮। পঢ়ুৱৈ সকলক পুথি-ভড়ালে সজগুণৰ অনুশীলনত কি দৰে সাহাৰ্য্য কৰে?

 প্ৰৱন্ধটোৰ মূল কথাও এই খিনিয়ে। প্ৰশ্নবিলাকৰ উত্তৰ ছাত্ৰসকলক স্বাধীন ভাৱে কিতাপৰ পৰা চেষ্টা আৰু চিন্তা কৰি উলিয়াবৰ সুযোগ দিয়া হল। আমি বিশেষ আৱশ্যক বুজি ইয়াত মাত্ৰ ৭নং আৰু ৮নং প্ৰশ্নৰ হে চমু উত্তৰ লিখিলো।