সমললৈ যাওক

পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সংগ্ৰাহকৰ নিবেদন।

 আজি ৪|৫ বছৰমানৰ আগতে, অসমৰ স্কুলবিলাকৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বেলেগ বেলেগ বিষয়ৰ কিছুমান কিতাপ লাগে বুলি শিক্ষাবিভাগৰ মহামান্য ডিৰেক্টৰ চাহাব বাহাদুৰে আসাম গেজেটত ঘোষণা কৰিছিল। সেই ঘোষণা দেখি জনচেৰেক বন্ধুবে অন্ততঃ সাহিত্য-বিষয়ক কেইখনমান কিতাপ যুগুত কৰিবলৈ মোক পৰামৰ্শ দিছিল, কিন্তু নানা কাৰণত মই সেই পৰামৰ্শ লোবা নাছিলোঁ। কিছুদিনৰ মূৰত আসাম উপত্যকাৰ স্কুলসমূহৰ ইন্সপেক্টৰ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী বি, এ, বি, টি, ডাঙ্গৰীয়া তেজপৰলৈ আহোঁতে কথা প্ৰসঙ্গত আকৌ সেই কথা ওলায়, তেখেতেও মোক সেই একে উপদেশকে দিয়ে। তেখেতৰ উপদেশ আৰু পৰামৰ্শ মতেই মাহেকীয়া কাকত আৰু প্ৰকাশিত গ্ৰন্থাদিৰ পৰা পাঠ সংগ্ৰহ কৰি এই “সাহিত্য মুক্তাবলী” যুগুত কৰা হয়। এইটো ঠিক যে তেখেতৰ পৰামৰ্শ নোপোৱা হলে এই কিতাপ হাতত লোৱাই নহলহেঁতেন। সেই বাবে তেখেতক মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ।

 কিতাপখন যথাসময়ত পুথি-বছা কমিটিলৈ পঠোৱা হৈছিল। সৌভাগ্যৰ কথা, পুথিখনে কমিটিৰ সভ্যসকলক সন্তোষ দিব পাৰিছে। অৱশ্যে তেখেত- সকলে পুথিখনৰ অনুকুলে মন্তব্য প্ৰকাশ কৰাৰ লগতে কেইটামান পাঠত থকা গোটাচেৰেক আসোঁৱাহ দেখুৱাই তাক গুচাবলৈকো উপদেশ দিছিল। কমিটি নিৰ্দ্দেশমতে এতিয়া সেই আসোঁৱাহ সম্পূৰ্ণৰূপে গুচোৱা হৈছে।

 “সাহিত্য-মুক্তাৱলীত” যিবিলাকে গদ্য-পদ্য প্ৰবন্ধ আছে, সেইবিলাক এই কিতাপৰ অন্তৰ্ভুক্ত কৰিবলৈ অনুমতি দিয়াৰ বাবে, সেইবিলাকৰ লেখক আৰু স্বত্বাধিকাৰীসকলক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।