ভেমপুৰীয়া মৌজাদাৰ
এওঁকে বোলে। এওঁৰ ঘাই নাম ডাঙৰীয়া শ্ৰীযুত লম্বোদৰ শৰ্ম্মা বৰুৱা।
এই ধানপুৰীয়া কঠাল যেন নামটো ওপৰত উল্লেখ কৰা উপলুঙা নামৰ ডাঠ
পাতৰ তলত সদায় ঢাক থাই থাকে, কাৰো সতকাই চকুত নপৰে। ডাঙৰীয়াৰ
ঘৰ উজনীত আৰু সেই ফালৰে ভেমপুৰ মৌজাৰ মৌজাদাৰ। বৰ ডাঙৰ
লোক। মূৰ ডাঙৰ, কাণ ডাঙৰ, হাত ডাঙৰ, ভৰি ডাঙৰ আৰু সকলোত
কৈ পেট ডাঙৰ। বোধকৰোঁ ডাঙৰীয়াৰ এনে ভবিষ্যত ভাবিহে তেওঁৰ
দীৰ্ঘদশী পিতৃদেৱতাই তেওঁৰ নাম লম্বোদৰ ৰাখি থৈছিল। কিন্তু দেউতাকে
নামটো যতে ৰাখিলে ততে থাকিল; ডাল-পাত পুলি-পোখা মেলি সি আৰু
বাঢ়িব নেজানিলে। তেওঁক ভেমপুৰীয়া বুলিলেহে সকলোৱে চিনে। চলিত
গল্প আছে; এদিন হেনো ডাঙৰীয়াই ৰাতি কৰবাৰ পৰা ফুৰি আহি বাহিৰৰ
পৰা ডাঙৰীয়ানীক ঘৰৰ দুৱাৰ মেলি দিবলৈ কলত, ডাঙৰীয়ানীয়ে কোন বুলি
সোধাত “মই লম্বোদৰ” বুলি উত্তৰ দিলে। উত্তৰ শুনি ডাঙৰীয়ানীয়ে
‘চোৰ ঔ।” “চোৰ ঔ” বুলি চিঞৰ লগাই দিছিল। পাছে লৰালৰিকৈ লম্বোদৰ
গুছি ভেমপুৰীয়া হলতহে জানিবা সেই যাত্ৰাত ডাঙৰীয়াৰ মান ৰ'ল।
অলপ আগৰে পৰা ধৰি আমাৰ ডাঙৰীয়াৰ ইতািহসটোৰ সংক্ষেপ আভাস
দিওঁ। সুপ্ৰসিদ্ধ অধ্যাপক ৺উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিক
বছৰছেৰেক লবো নামেৰেই তেওঁ শবদ সাধি বিদ্যাৱন্ত হৈ কাছাৰীত
লম্বোদৰ শৰ্ম্মা বৰুৱা নামেৰে মহাপেচ কামত সোমাল। মহাপেচ খানাক
কাকত পেচ, বাহিৰত কথা পেচ আৰু মুখৰ ভিতৰত বুঢ়াতামোল-কোমল
তামোল পেচ কৰি থাকোতেই ,দুই এক বছৰৰ ভিতৰতে তেওঁৰ নামেৰে পেটৰে
দন্দ ভাগিল; অৰ্থাৎ পেটটো দেখিলেই তেওঁৰ নামটোলৈ, আৰু নাম টো