প্ৰকাশক এই বচনটো মাতি ভাঙ্গৰ চিলিমত দীঘলকৈ হোঁপা মাৰি ভমক্
কৰে জুই তুলি দিলে :-
“বম্ কলিকাতাৱালী, বচন নেবায় খালি, বম ভোলে,
গাঞ্জা ঘোলে, সদা সুখে বহে, বম্ বম্, তলে গাঞ্জা উপৰে হাম।”
”
⸻
পঞ্চম অধ্যায়
গিৰিয়েকে ঘৈণীয়েকৰ হতুৱাই কৰাব নোৱাৰে এনে কাম খুব অলপহে
আছে। সতী তিৰোতাৰ স্বামীৰ বাহিৰে আন গতি নাই। বুজাই-বৰাই
শিৱপ্ৰসাদে ঘৈণীয়েকক আসামলৈ যাবলৈ সন্মত কৰালে। এদিন ৰাতি
বুঢ়ী মাক শুই থাকোতে লচিমীয়াক লগত লৈ শিৱপ্ৰসাদ আৰু ভিখৰাজ
আড়িকাটি ৰেলত উঠি প্ৰস্থান কৰিলে। গাড়ীয়ে লৰুৱাই লৈ গৈ তিনি
চাৰি ঘণ্টাৰ ভিতৰতে বপুৰি লচিমীয়াক শঠ স্বামী আৰু বঞ্চক বন্ধুৰে
সৈতে আচান্সোল পোৱাই দিলেগৈ। আচান্সোল পাই ভিখৰাজে
শিৱপ্ৰসাদক অলপ আঁতৰকৈ মাতি নি কলে, “ভাই, তোমাক এটা কথা
কওঁ দেই?”
শিৱপ্ৰসাদ - “কি কথা?”
ভিখৰাজ – “ডিপোৰ চাহাবক তোমাৰ ঘৈণীয়াই আসামলৈ যাওঁ বুলি
এখন গিৰমিট লেখি দিব লাগিল।”
শিৱপ্ৰসাদ—“দিব।”
ভিখৰাজ -“কিন্তু এটা কথা;তোমাৰ ঘৈণীয়া দেখিছো বৰ টেঙৰ
তিৰোতা। তোমাক গিৰমিট্ লেখি দিয়া নেদেখিলে, তোমাৰ কথাত
তাই সন্দেহ কৰিব, আৰু গিৰমিট্ লেখি নিদিয়ে। সেই দেখি তাইক
দেখুৱাই তুমিও এখন মিছামিছি গিৰমিট লেখি দিয়া। সেইখন পিচে