স্বর্গাৰােহণ
চ'তৰ “বাৰে খৰ” অসমত ন কথা নহয়। এইবাৰ খৰত অস-
মীয়া মানুহ চৈধ্য পুৰুষৰ পৰা খৰ্-খৰীয়া হৈ শুকাই আহিছে।
কিন্তু পকা-অঙ্গঠা-যেন এই বাৰ চৌধ্যটা দিন অসমীয়াই ৰঙালী
বহাগৰ ন পানীৰ আশাত চকু-মূৰ মুদি যেনে তেনে মতে
কটায়। বহাগৰ ন বৰষুণ গাত পৰিলেই অসমৰ পুথি-খলিহাই
সেন্দুৰ পিন্ধি নাচোন-বাগোন ধৰে; আৰু লগে লগে লৰা
ছাৱালী ডেকা গাভৰু বুঢ়া-বুঢ়ীয়েও সেন্দুৰীয়া হৈ আপোন
অৱস্থানুযায়ী যথাবিহিত ৰং-ধেমালি কৰে। আমি কবি হোৱা হলে
এইখিনিতে আমগছ নাহৰ গছৰ নতুন কুঁহি পাত, ৰিব্ ৰিব্,
বাৰে বোৱা মলয়া বতাহ, কুলিৰ সুললিত কু-উ কু-উ, আৰু ৰঙালী
বহাগৰ বিহুৰ ৰং-ধেমালি আদি সুৱলা ভাবৰ কথাৰ ৰহণ সানি
বৰ্নাই নিদিয়াকৈ কেতিয়াও নেৰিলোহেঁতেন! কিন্তু। -দুখৰ কথা
কিন্তুতেই অন্ত কৰা ভাল। আমি কবিত্ব কৰিবলৈ গলে, নিৰ্ব্বা-
লীৰ পৰা কাণ মলাটো, বলীৰ পৰা বাঘ-ঢকাটো, আৰু বলী নিৰ্ব্ব-
লীৰ মাজতে যি তেওঁৰ পৰা খকৰা মুকুটিটো খাব লাগিব। “লাইচেন্স”
পাৱা বা ‘‘পট্টাদাৰ” কবিয়ে “আমৰ মল” আৰু “নাহৰৰ” কুঁহিপাত
মিলি উকা কৈ বৰ্ণাই গলে ও পাৰ পাই যাব; কিন্তু আমি ‘অকবি”
লমতিৰ মুখত আমৰ মল আৰু নাহৰৰ সলনি "আঘ্ৰ মুকুল”
আৰু 'নাগেশ্বৰ” শব্দ সাজ পাৰ পিন্ধি ওলালেও, বিনা সোধে বিনা
স্বাপিলে আমাৰ ৫০\ টকা জৰিমনা নহৈ নেযায়।
কলিকতাত চ’তৰ বাৰ খৰ বুলি কথা এটা নাই বাৰ থৰৰ
ঠাইত ছত্ৰিশ খৰ বুলিলেও কলিৰ চহৰ কলিকতাৰ ৰ'দৰ যথোচিত