যাব নেপায়। সেই দেখি শ্ৰীচৰণলৈ এই আৰ্জিৰ লগতে আসেৰ
কানি বাঙি কৰি পঠিৱা গল; শ্ৰীচৰণে অনুগ্ৰহ কৰি ললে বন্দীহঁত
পৰম কৃতঘ্ন হম। এই কানি অতি সুন্দৰ; খাই চালে বন্দীহঁতৰ কথাৰ
সঁচা-মিছাৰ পৰখ পাব। বিশেষকৈ এই কানি ভোজন কৰিলে
খোদাবান্দাৰ গাটি ফুলৰ চাকি যেন লঘু পাব, গা পিৰ্ নিপিৰায়
আৰু খজুৱতি নুঠে বুলি আমাৰ সভাৰ পৰা খোদাবান্দালৈ এই
গিৰমিত লেখি দিলো। অধিক আমি কি কম। ইতি-
পুঃ-
কানিৰ বাঙিটো হেৰোৱাৰ ভয়ত আৰু সোনকালে যাবৰ নিমিত্তে
ব্যাৰিং কৰি পঠিয়ালো, সেই বাবে যেন শ্ৰীচৰণে বিষম নেপায়
খোদাবান্দা গোলাম
শ্ৰীমিলাৰাম বৰমেধি সভাপতি
শ্ৰীজিনাৰাম শইকীয়া সম্পাদক
শ্ৰীপিথুৰাম বৰকানীয়া ধনভৰালীকে আদি কৰি উজনি বজাৰৰ
দ্বাদশ কানীয়া।”
মই অৰ্জিখন লেখি পঢ়ি শুনালত সমজুৱাসকলে ধন্য ধন্য কৰি
চাপৰি বজাবলৈ ধৰিলে। এজন উঠি তেতিয়াই আকৌ প্ৰস্তাব কৰিলে
যে অজি আমাৰ সভাপতিক উমৈহতৰ পৰা আৰু দুটা টিকিৰা
বেছিকৈ পুৰিবলৈ দিয়া যাওক। কাৰণ আৰ্জিখন বিতোপন হৈছে।
প্ৰস্তাৱটো মুখৰ পৰা ওলাওঁতে নোলাওঁতেই মন্জুৰ হৈ বহিল।
এনেতে এজন সভ্যই কলে, “সভাপতি মহাশয় আৰু সমজুৱা
সকল! মই শুনিছোঁ আমাৰ দেশী মানুহৰ ভিতৰৰে কোনো কোনো
দ্ৰোহীয়াই কানিৰ বিপক্ষে সাক্ষী দিবলৈ কলিকতালৈ যাবলৈ ওলাইছে :
এই কথা সঁচা হলে মই দেখিছোঁ, আমাৰ গাৰ নোমেই পৰম
শত্ৰু। ৰাৱনৰ ঘৰত এই কেইটা বিভীষণক আমি অসমীয়া মানুহে
অতদিন ভাল পোহ-পাল দি আছিলোহঁক।এই স্বদেশ- দ্ৰোহী
-
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৯
আৰ্জি