ৰাতিপুৱাই কাউৰী-কুকুৰ নৌ উঠোতেই ফটা-কঁথা নিহালিৰ মায়মোহ
এৰি বুঢ়াৰ শাকনি সোমোৱা অভ্যাস। দিনতো দিঠকত মুলাখোচৰা
আছেই, ৰাতিও সমাজিকত বুঢ়াৰ মূলা-খোচৰাৰ ক্ৰটী নাই; আন কি,
টোপনিত গাৰ খুদখহুত কেনেবাকৈ হাত পৰি খজুৱালেও বুঢ়াৰ মুলা-খোচৰা
যেনহে লাগে। এদিন ৰাতিপুৱা দোকমোকালিতে শাকনিৰ পৰা বুঢ়াই,
ৰিঙিয়াই মাতিবলৈ ধৰিলে—“বুঢ়ী ঔ বুঢ়ী!”
বুঢ়ী- “ ঔ ”
বুঢ়া-“চাহিচোন্ বেগাই আহ!”
বুঢ়ী-“ৰাতি এডোখৰ থাকোতেই নো কি হল ঐ। মই জাৰত
এতিয়াই নোৱাৰে৷ উঠিব।”
বুঢ়া-“মোৰ মূৰখাঁতী বুঢ়ী, আচোন চাই যাহি।”
বুঢ়ী-“মোৰ মুৰখোৱা বুঢ়া, মই নোৱাৰোঁ যাব, কি হল ক?”
বুঢ়া-“বোলো, মূলাৰ কণ কঠীয়া মাৰিলে।”
বুঢ়ী- “কি হল? কোনে? গৈছোঁ।”
এই বুলি নিহালি কথাঁ তুলি তলিচা যি আছিল সোপাকে গাত মেৰাই
লৈ বুঢ়ী শাকানি পালেগৈ।
বুঢ়া-ই কথাই কথা নহয়, সি মূলা খাই লতা পাইছে যেতিয়া
আজিও আহি ওলাবহি । আজি ৰাতি খাপ দি তাক ধৰিবই লাগিব,
কি বোল বুঢ়ী? মই আমুকা বুঢ়া হওঁ যদি তাক গৰু-বান্ধা পঘাৰে
বান্ধি ঢেকি-ঠোৰা লগাম।”