সমললৈ যাওক

পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
সটীক নামঘোষা


[ ৪৩৭ ]

লৈয়ো হৰি নাম ভাই তেজিয়া আলাস॥
মিলিবে মঙ্গল গুচিবেক ভৱ পাশ॥

 হে ভাই, এলাহ এৰি হৰি নাম-গুণ কীৰ্ত্তন কৰা, হৰি-নাম গুণ-কীৰ্ত্তন কৰিলে তোমাৰ সকলো প্ৰকাৰ মঙ্গল হব, তুমি মুক্তিলাভ কৰিব পাৰিবা।

[৪৩৮ ]

যিটো জনে ফুৰে সদা হৰি গুণ গায়া।
হৰিৰ কৃপাত সিটো সুখে তৰে মায়া॥

 যি মানুহে সদায় হৰিৰ নাম-গুণ কীৰ্ত্তন কৰে, সেই লোকে ভগৱানৰ কৃপাত বিষয়ৰ আশা ত্যাগ কৰিব পাৰে।

[৪৩৯]

ৰাম নাম লৈয়ো ভাই আলাস নকৰ।
নিকট চাপিয়া আছে যমৰ কিঙ্কৰ॥

 ভাই, হেলা নকৰি সদায় ভগৱানৰ নাম লোৱা, কিয়নো মৃত্যু ভোমাৰ পাছতে লাগি আছে, তোমাৰ কেতিয়া মৰণ হয় ঠিক নাই।

শৃণ্বতঃ শ্ৰদ্ধয়া নিত্যং গৃহতস্তস্য় চেষ্টিতম।
কালেনানতিদীৰ্ঘেন ভগৱান্‌ বিশতে হৃদি॥৪৪০

[ ৪৪০]

কৃষ্ণকথা শুনে গাৱে যিটো শ্ৰদ্ধা কৰি।
অল্পকালে হিয়াত প্ৰৱেশ হন্ত হৰি॥