সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
সঙ্গীত-কোষ।

যি দুদিন মােৰ বাকি আছে
 নিজলৈ হে ৰাখিলোঁ॥
 দেবেশ্বৰ চলিহা।

৯৭

সিন্ধু খাম্বাজ—দাদ্‌ৰা।

 সখি আহিলা এতিয়া কিয়?
দেখা দিয়ে কিয় পুনু আতৰিলা
 কৰি উত্ৰাৱল জীৱ?
মনৰ বাসনা এৰি, দুখেৰে অন্তৰ পুৰি,
আমন্‌-জিমন্ বহিছিলোঁ মই
 দিলাহি যেতিয়া থিয়।
সকলো ভাবনা গলে;
(সখি) কথা পাতো বুলি
বিচাৰিলোঁ কিন্তু নেপালোঁ দুনাই কিয়?
(সখি) মনৰ বাসনা মনতে থাকিলে
 জনম দুখিত জীৱ॥
 ৰামেশ্বৰ বৰুৱা বি, এ।