সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০৪)

ৰাৱণক ধৰি বিভীষণে কান্দিলন্ত।
শ্ৰীৰামে প্ৰবোধ বুলি শান্ত কৰিলন্ত॥
মন্দোদৰী আদি যত ক্ৰন্দন কৰন্ত।
বিভীষণে আশ্বাসিয়া পঠায়া দিলন্ত॥৮৬
শ্ৰীৰামে আদেশি সজাইলন্ত চিতাখান।
তাতে তুলি ৰাৱণক কৰিলা দহন॥
ৰাৱণক মাৰি প্ৰভু সন্নাহা থৈলন্ত।
মেঘ গুচি গৈলে যেন চন্দ্ৰ প্ৰকাশন্ত॥৮৬১
সুগ্ৰীৱ সহিতে বহু আনন্দ কৰিলা।
লঙ্কাত নৃপতি বিভীষণ থাপিলা॥
পাছে বিভীষণে আখৈ ছিৰা লাৰু দিলা।
সসৈন্যে ৰাঘৱে বসি আনন্দে ভুঞ্জিলা।৮৬২
পাছে হনুমন্তক পাঠাইলা ৰঘুপতি।
সীতাত কহিয়ো গৈয়া আমাৰ জয়তি॥
ৰামৰ আজ্ঞায়ে চলি গৈল হনুমন্ত।
জানকীৰ আগে কহি পুনু আসিলন্ত॥৮৬৩
অনন্তৰে সীতাক চৌদোলে আনিলন্ত।
অগ্নিত পেলাই প্ৰভু পৰীক্ষা দিলন্ত।
দেখি ব্ৰহ্মা আদি দেৱ সব আসিলন্ত।
মূৰ্ত্তি ধৰি অগ্নি সীতা কোলাত থৈলন্ত॥৮৬৪


সন্নাহ-খ্যাতি; স্মৃতি।  চৌদোলে—চতুৰ্দোলে, খাতোলা।