পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৫)

কাকুতি মিনতি কৰােহোঁ নিয়তি
তুমি গুৰু অন্তৰ্য্যামি॥
হেন শিক্ষা দিয়া মহন্তত দায়া
নচাৰোক মোৰ মনে।
তুমি নিজ দেউ তুৱা পাৱে সেউ
থাকোক মন তুৱা চৰণে॥
শুনিও সজ্জন এৰা আন মন
গুৰু শিক্ষা মনে ধৰি৷
কহে জগন্নাথ পৰম আনন্দে
ডাকি বোলা হৰি হৰি॥

ঘোষা—
 হৰি ৰাম কৃষ্ণ ৰাম ৰাম ৰাম ৰাম ॥
পদ—
 সব্বধম্ম শিৰোমণি তুৱা গুণ নাম৷
 শীতল কদম্বতলে শ্যাম বয়ান॥
 পন্থে গৈয়া ডাকায় মোৰে ভায়া বলোৰাম৷
 গোধেনু চাৰিয়া আসে ৰাম নাৰায়ণ॥

ঘোষা—
গধূলী হল সন্ধ্যা গৰি গল গৃহক নাসিলা হৰি।
কদম্বৰ তলে ধেনু বৎস থৈ খেলাইবে লাগিলা হৰি
কানাই বলে বলাই ভাই যান্তে তুলা খেলা।
গধুলী সময় হল ধেনু লৈ চলা॥
ৰথ ডাকা ৰথ ডাকা সন্ধ্যা গৰি যাই।
তােমাৰ যশােদা ডাকে পদুলী ওলাই॥
কানাই আইস আইস আইস কানাই।
ধূলা জাৰি কোলে লব তােমাৰ মাৱই॥

১৯