সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীচণ্ডী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ মাহাত্ম্য

 আনন্দেতে দেৱগণে ৰোমাঞ্চিত কায়া।
স্তুতি আৰম্ভিলা মাথা ভূমিত নমায়া॥ ১-২[১]
প্ৰণামো পাৰ্ব্বতী পাপ-ভয় কৰা হত৷
আমাৰ কুশল কৰা পালা ত্ৰিজগত॥
নিজ-শকতিয়ে ব্যাপি আছা চৰাচৰ।
দেৱতাৰ তেজে ধৰি আছা কলেৱৰ॥৩
তোমাৰ প্ৰভাৱ তেজ বৰ্ণাইবাক প্ৰতি।
ব্ৰহ্মা-হৰ-অনন্তৰো নাহিকে শকতি॥
কিমতে বৰ্ণাইবোঁ আমি ক্ষুদ্ৰ দেৱলোক।
তুমি দেৱ মূৰ্ত্তিমান প্ৰসন্ন হুয়োক॥
দেৱকো জিনিলা দৈত্যে, তাৰ ভৈলা যম।
হেন তযু বিক্ৰমৰ কৈত আছে সম॥
বিপক্ষৰ ভয়ঙ্কৰ, দেখিতে সুঠাম।
অচিন্ত্য তোমাৰ ৰূপ নাহি উপমান॥
জগত-কাৰণ তুমি জগত আধাৰ।
সবলোক তযু অংশ তুমি নিৰাকাৰ॥
হৰি-হৰাদিও তত্ত্ব নাজানে তোমাৰ।
তুমি মূল মন্ত্ৰ পিতৃ দেৱ জপিবাৰ॥


  1. মূলত আছে—“তাং তুষ্টুবুঃ প্ৰণতিনম্ৰশিৰোধৰাংসাঃ।”