এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শ্ৰীশ্ৰীচণ্ডী
চিত্ৰবৰ্ণ কায়, অধিকে শুৱাই;
দেখিবাক অতি ভাল।
বৰিষ ত্ৰিতয়, বয়স হোৱয়,
হৈয়া আছে ঋতুকাল॥
দেখি কাম ভোলে অসুৰ নিস্খলে,
দানৱে দুই হাত মেলি।
মহিষীক ধৰি, আলিঙ্গন কৰি,
কৰিলন্ত তথা-কেলি॥
সেহি বীৰ্য্যে জাত, জগতে প্ৰখ্যাত,
ভৈলেক মহিষাসুৰ।
দানবগণৰ ভৈলেক ঈশ্বৰ,
অসুৰৰ সি দুন্দুৰ।
একদিন প্ৰতি, মহিষ দুৰ্ম্মতি,
হিমালয়-গিৰি-কাছে।
পশিলেক বন; যৈত কাত্যায়ন,
মুনিৰ আশ্ৰম আছে॥
ধৰি নাৰী-কায়া; মোহিলেক যায়া,
ৰৈদ্ৰোস্ব নামে মুনিক।
ভৈলা তপ-ভঙ্গ; দেখি কৰি খঙ্গ;
কাত্যায়নে শাপিলেক॥
যিটো ৰূপ ধৰি, আসি চদ্মকৰি,
শিষ্যক মোহিলি মোৰ।
শুন ৰে-দুৰ্ম্মতি, এমত যুৱতী,
মাৰ চিন্তিবেক তোৰ॥