এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওঁ নমো গণেশায়।
শ্ৰীশ্ৰীচণ্ডী।
⸻০০০⸻
শ্ৰীশ্ৰীদুৰ্গায়ৈ নমঃ।
“নমস্তে সৰ্ব্বমঙ্গল্যে নমস্তে সৰ্বসিদ্ধিদে।
নমস্তে সৰ্ব্বদেবেশি দুৰ্গে দেবি নমোহস্তুতে॥
মঙ্গলাচৰণ।
জয় নমো ভগৱতী দেবী মহামায়া।
ভকত-জনৰ বন্ধু শঙ্কৰৰ জায়া॥
অপাৰ সংসাৰ-সিন্ধু তৰিবাৰ হেতু।
দানব-কুলৰ সাক্ষাতে ধূম্ৰকেতু॥
পতিত-পাবনা মাতা অগতিৰ গতি।
নে ভবানীৰ পাৱে কৰোঁহো প্ৰণতি॥
মাৰ্কণ্ডেয় পুৰাণৰ স্তব সপ্তশতি।
পদবন্ধে ৰুচিনাথ বিপ্ৰে নিগদতি॥
পৰমা গহীন ইটো পুৰাণতে সাৰ।
নহোঁ যোগ্য আমি পদ ৰচিতে ইহাৰ॥