এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীশ্ৰীচণ্ডী।
৮৯
গুচিলা আপদ দুঃখ বিকসিত ভৈলা মুখ
কৃতাঞ্জলি কৰি ভক্তি ভাৱে।
জানু শিৰে নমস্কাৰ, কৰিয়া অনেক বাৰ
স্তুতি আৰম্ভিলা সেহি ঠাৱে॥১-২
শুনিয়োক সভাসদ, হুয়া আতি নিশবদ;
চণ্ডিকা মায়ৰ পুণ্য কথা।
অনৰ্থতে গৈলা কাল, কেনে কৰা আলজাল
কৰা কিয় আয়ুক অন্যথা॥
শুম্ভ আদি দৈত্য চয়, ক্ষণেকে ভৈলেক ক্ষয়
সামান্য জনৰ কোন কথা।
জানি চাড়া আন কাম, বোলা দুৰ্গা শিব ৰাম
তেবে ভব তৰিবা সৰ্ব্বথা॥
⸻
•একাদশ মাহাত্মৰ ১ আৰু ২ শ্লোক।