সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিষ্য। সেই শিষ্যৰ জৰিয়তে সুমতি, অগ্নিৰ্চা, মিত্ৰয়ু, শাংসপায়ন, অকৃতব্ৰণ আৰু সাবৰ্ণি নামে ব্যাসদেৱৰ ছজন প্ৰখ্যাত প্ৰশিষ্য আছিল। প্ৰথমতে, বেদব্যানৰ আদিপুৰাণ-সংহিতাৰপৰ লোমহৰ্ষণৰ দ্বাৰাই লোমহৰ্ষণিকা নামে অন্যতম পুৰাণ-সংহিতা প্ৰচাৰিত হয়; তাৰ পচত কশ্যপ, সাবণি আৰু শাংসপায়ণে মূল-লৌমহৰ্ষণিকাৰপৰ ভাঙ্গি নিয়ে। তিনিখন পুৰাণ-সংহিতা সুকীয়া-সুকীয়াকৈ যুগুত কৰে। এয়ে পুৰাণৰ আঁতি-গুৰি। ইয়াৰপৰাই যথাকালত ১৮ খন পুৰাণৰ সৃষ্টি হয়;-যেনে, (১) বিষ্ণুপুৰাণ, (২) মাৰ্কণ্ডেয়পুৰাণ, (৩) ভাগৱত- পুৰাণ (৪) ব্ৰহ্মপুৰাণ, (৫) পদ্মপুৰাণ, (৬) লিঙ্গপুৰাণ (৭) বৰাহপুৰাণ, (৮) নাৰদপুৰাণ, (৯ গৰুড়পুৰাণ, (১০) ব্ৰহ্মাণ্ডপুৰাণ, (১২) বায়ুপুৰাণ, (১২) ব্ৰহ্মবৈৱৰ্ত্তপুৰাণ, (১৩) ভবিষ্যপুৰাণ, (১৪) বামনপুৰাণ, (১৫) স্কন্দপুৰাণ, (১৬) অগ্নিপুৰাণ, (১৭) মৎস্যপুৰাণ আৰু (১৮) কূৰ্ম্ম- পুৰাণ। ইয়াৰ ভিতৰত ১) বিষ্ণুপুৰাণ, (২) ভাগৱতপুৰাণ, (৩) ব্ৰহ্মপুৰাণ, (৪) পদ্মপুৰাণ, (৫) বায়ুপুৰাণ, (৬) ব্ৰহ্মবৈবৰ্তপুৰাণ, (৭) স্কন্দপুৰাণ, (৮) বামনপুৰাণ আৰু (৯) কূৰ্ম্মপুৰণ এই ৯ খন পুৰাণত মাথোন কৃষ্ণ-কথা কথিত হৈছে। পুৰাণবিলাকৰ ভিতৰত প্ৰথম পুৰাণখনেই হৰিবংশৰ ভালেমান বছৰৰ পাচত ৰচিত; আকৌ হবিবংশ মহাভাৰতৰ কেইবাশ বছৰৰ প'চত প্ৰণীত। এতেকে, পুৰাণকথিত কৃষ্ণকাহিনীক আখ্যান বোলা নাযায়; ইয়াক উপাখ্যান আৰু ইতিহাসৰ শ্ৰেণীত হে ঠাই দিয়া যায়। ওপৰত উকিউ মহাভাৰতত লিপিৱদ্ধ হোৱা অংশ কৃষ্ণচৰিত্ৰ হে আচল আখ্যান, কিয়নো মহাভাৰত প্ৰণেত ব্যাসদেৱ শ্ৰীকৃষ্ণৰ সমসাময়িক শাস্ত্ৰকাৰ; হৰিবংশ গ্ৰন্থকাৰ আৰু পুৰণকাৰসকল শ্ৰীকৃষ্ণৰ পৰবৰ্তী লোক আৰু লেখক। আমি সম্প্ৰতি হাতত পোৱা পুৰাণবিলাকৰ ভিতৰত বিষ্ণুপুৰাণ