সমললৈ যাওক

পৃষ্ঠা:শিশুপাল বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩ )


হাতে। শিৰৰ ওপৰে, ফুৰাইবে লাগিলা, তিনি ত্ৰৈলোক্যৰ নাথে॥ ৭১ ॥ সাগৰ নগৰ, পৰ্ব্বত গহ্বৰ, ফুৰয় বেগে সকলে। চৌধ্যয় ভুবন, ফুৰিবে লাগিলা, অঙ্গুলি গুটীৰ বলে॥ চক্ৰৰ জাতিয়ে, কৃষ্ণৰ যে ক্ৰোধে, দুয়ো ভৈলা এক ঠাই। কতো ক্ষণ মান, সিটো চক্ৰ খান, শিশুপালে আছে চাই॥ ৭২ ॥ জৌতিয়ে চক্ৰৰ, ক্ৰোধয়ে কৃষ্ণৰ, চাইছন্ত শিশুপাল। নিশ্চয়ে জানিলোঁ, এহি চক্ৰে আজি, মোহোৰ হৈবেক কাল॥ চক্ৰক জৌতিক, সিতো শিশুপালে, চাই আছে কতোক্ষণ। চক্ৰক চাওঁতে, জৌতিক দেখন্তে, কৃষ্ণত মজিল মন॥ ৭৩ ॥ পূৰ্ব্বে শিশু- পালে, কৰি আছে ভালে, সৰস্বতী আইক স্তুতি। নিন্দা স্তুতি কৰি, কৃষ্ণৰ চৰণে, বোলা- ৱয় সৰস্বতী॥ তোমাৰ যশস্যা, গুণক বখানে, ৰাজ সমাজত ৰাগে। এনুৱা জনৰ, মাথাক কাটিলে, মুকুতি দিবাক লাগে॥ ৭৪ ॥ প্ৰিয় যে