সমললৈ যাওক

পৃষ্ঠা:শিল্পীপ্ৰাণ উমেশ বৈশ্য.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
১৫৯
সোঁৱৰণীৰ অলেখ ভাষা শিল্পীপ্ৰাণ প্ৰয়াত উমেশ বৈশ্য


সহ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সহযোগত ছাত্ৰীসকলৰ শিক্ষাৰ মান কেনেদৰে আগবঢ়াই নিব পাৰি। নিয়মানুবৰ্তিতা তেখেতে খুউব মানি চলিছিল আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়েও মানি চলাটো বিচাৰিছিল। তেখেতে নাৰী শিক্ষাৰ উন্নতিৰ বাবে অধিক চিন্তা কৰিছিল। তেখেতৰ এটা বিশেষ গুণ আছিল স্কুল কোনো দিনে ক্ষতি নকৰিছিল। ৰ’দ, বতাহ-বৰষুণ যিয়ে নহওঁক কিয় স্কুললৈ যাবলৈ ওলাবই।

 ১৯৮৩-৮৪ চনত মই অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প আঁচনিৰ অন্তৰ্গত ‘অঙ্গনৱাদী’ কৰ্মী পদত নিযুক্ত হওঁ। সেয়ে ৰূপনগৰ অঙ্গনৱাদী প্ৰশিক্ষণ কেন্দ্ৰত চাৰিমাহৰ বাবে প্ৰশিক্ষণ ল'ব লগা হৈছিল। সৰু ল'ৰা দীপজ্যোতি তেতিয়া নমহীয়া কেঁচুৱা। মই ঘৰৰ পৰা চাৰিমাহ আঁতৰি থাকি প্ৰশিক্ষণ ল’বলৈ সংকোচ কৰিছিলো। কাৰণ ঘৰখন এৰিব নোৱাৰি। কিন্তু বৈশ্যই মোক নিৰ্ভয় দি ক'লে— ‘তুমি চিন্তা নকৰিবা, মই সকলো চম্ভালি লম।’

 প্ৰশিক্ষণৰ পৰা ঘৰলৈ অহাৰ সুবিধা নাছিল, মাত্ৰ ৰবিবাৰে আহিব পাৰি। গধুলি আকৌ ঘূৰি যাব লাগিব। প্ৰশিক্ষণ কেন্দ্ৰৰ দুগৰাকী বাইদেউৱেও আমাৰ ঘৰলৈ বৈশ্যৰ ওচৰত সঙ্গীত শিক্ষা ল’বলৈ আহিছিল আৰু তেওঁলোকৰ লগতে মই ঘৰলৈ অহাৰ সুযোগ পাইছিলোঁ। মোৰো সৰুৰে পৰা সঙ্গীতৰ প্ৰতি বহু আসক্তি আছিল, মোকো দুই-এটা ভজন গাবলৈ শিকাইছিল; ময়ো শিকিবলৈ যত্ন কৰিছিলোঁ। প্ৰায় গধুলি ঘৰত মোৰ ডাঙৰ ল'ৰা নিতুল, মাজু ল’ৰা হেঙুল, মোৰ জা শীলা আৰু মোক বৈশ্যই নিজে লিখা আৰু সুৰ কৰা কোৰাচ আদি গাবলৈ শিকাইছিল। দেওৰ অতুলে তবলা আৰু দেওৰ ৰমেনে হামনিয়াম সংগত কৰিছিল।

 ১৯৯১ চনত বৈশ্যই শিক্ষকতা কৰা ছোৱালী হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাৰ খৱৰটো অতি আনন্দেৰে আহি মোক কৈছিল, “কৈছিল, তুমিও পঢ়িব পাৰিবা। তোমাৰ লগৰ কৰ্মী কেইগৰাকীমানকো নাম লগাব দিবা।”

 এইখিনিতে উল্লেখ কৰিব লাগিব যে মোক বিয়াৰ পিছতে কলেজত নাম লগাই দিছিল যদিও ডাঙৰ ল'ৰা জন্ম হোৱাৰ পিছতে পঢ়া বাদ দিব লগা হৈছিল। মেট্ৰিক পাছ কৰাৰ সুদীৰ্ঘ ১৭ বছৰ পিছত আকৌ মোৰ পঢ়া আৰম্ভ হ’ল। বৈশ্যৰ উৎসাহ, অনুপ্ৰেৰণাদায়ক সান্নিধ্য, মোৰ চেষ্টা আৰু ধৈৰ্য্যৰ বলত