একো নাই ঋধিসিধি॥ বামুণৰ অৱস্থা দেখি কৃষ্ণই “আথেবেথে। সাবটি ধৰিলা আঙ্কোৱালি॥ দেখিয় দৰুকে বাঘজৰীক আঘূৰি। ৰাখিলন্ত ৰথক ঘোৰাৰ মুখ মুৰি॥ নলৰয় পেট হৰি হাত বুলাই চাইল। ফুকন্তে ফুকন্তে কথমপি ধাতু আইল॥ ব্ৰাহ্মণৰ শিৰে ধৰি ঢালিলন্ত পানী। ঢিমিকি ঢিমিকি মাত্ৰ লৰে ধাতুখানি॥ থিৰ হোৱা বেদনিধি দৃঢ় কৰা চিত।" এই বলি কুঞ্চা৯ অনেককৈ বামুণক মাতিলত, বামুণে অলপ জ্ঞান পালে , কিন্তু তেতিয়াও তেওঁৰ মূৰ ফুৰণি যোৱা নাই , গতিকে তেওঁ চকু নেমেলাকৈ বলিয়ালি উত্তৰ দিলে —“নিচিনোহোঁ তোমাক তুমিবা কোন জন। কৈৰ হন্তে আসি আছোঁ কোথেৰ ব্ৰাহ্মণ। কোন থানে পৰি আছোঁ কি কাৰণে আসি।"
যি হওক শেহত বামুণে ভালকৈ জ্ঞান পালে, আৰু এই যাত্ৰালৈ তেওঁ ৰক্ষা পৰিল। —“হেন শুনি বেদনিধি কিছু শ্ৰুতি পাইলা৷। ধীৰে ধীৰে মাধৱক চক্ষু মেলি চাইলা। কৃষ্ণক বোলন্ত গোসাঁই লাগিল চমক আৰু খনিতেকে গৈয়া দেখোঁহো যমক। ৰথৰ এনুৱা বেগ নতু দেখি শুনি৷ এৰাইলোঁ প্ৰসাদ আজি তোমাৰেসে গুণি॥ আউৰ জানো হেন বেগ ধৰন্ত দাৰুক। অদ্যপিও তৰতৰি কাম্পে মোৰ বুক। ” এই কথা শুনি দাৰুকে ৰথ লাহে লাহে ডাকিবলৈ ধবিলে। এষ্ঠ বৃত্তান্তটো কেনে কৌতুকপূৰ্ণ৷ সদায় খোজ কাঢ়ি ফুৰা আৰু টানি-মানি হয় তো কোনোবা-কাচিৎ ভোৰোণীয়া ৰথত (ঠিকাগাড়ীত) উঠা বামুণে কৃষ্ণৰ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ৰথত (চৌধুৰীৰে Private carriage) উঠি যে এনে বিপদত নপৰিব তাত আচৰিত কি?