সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
লৱ-কুশৰ যুদ্ধ

হাতে কুশমুঠি ধৰি ঋষিৰাজ গৈলা ।
পুত্র সমন্বিতে সীতা লগতে লৰিলা ॥৩৮৫
বেদমন্ত্র পঢ়ি ঋষি অমৃত সিঞ্চিলা।
নিদ্ৰাৰ জাগিয়া যেন উঠিয়া বসিলা ॥
গজবাজী প্রজা যত আছে পৰি পৰি।
অমৃত পৰিয়া কৰে লৱৰা লৱৰি ॥৩৮৬
ৰামদেৱ প্ৰভু যেবে জীলা সবান্ধৱে।
ৰঙ্গে ঢঙ্গে বাদ্য ভণ্ড সেহি থানে বাৱে ।।

বাল্মীকিৰ শ্ৰীৰামচন্দ্ৰক লৱ-কুশৰ পৰিচয় দান

তেবেসে বালীকি হেন বুলিলা বচন।
মহাশান্তি সীতাদেৱী কেনে দিলা ৰণ ॥৩৮৭
যৈসানি বনক গৈলা সীতা মহাসতী।
সেহিদিনা লাগ পাইলো ছাত্র সমন্বিতি ।।
জীউ বুলি সীতাক কৰিলো প্রতিপাল।
তেবেসে ভৈলেক গর্ভে যমজ ছাৱাল ॥৩৮৮
শিশুৰ যতেক কৰ্ম্ম সকলে কৰিলো ।
বেদমন্ত্র পঢ়াই পাচে ধনু শৰ দিলো।।
সি কাৰণে ধনুৰ্দ্ধৰ ভৈলা আতিশয় ।
লৈয়ােক তােমাৰ পুত্ৰ নাহিকে সংশয় ॥৩৮৯
হেন শুনি বামৰ যে আনন্দিত মন।
পুত্র দুইক কোলে লৈয়া কৰিলা চুম্বন।।