সমললৈ যাওক

পৃষ্ঠা:লট্‌কন্‌.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৬)


জেঠুৱে কলে "প্ৰভু, আপুনি যিদৰে চলিবলৈ কয় বন্দীয়ে সেই দবেই চলিম। আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰিম, প্ৰভু”।

তাৰ পাছত, দেৱদত্তই শোৱাৰ আগতে কৰিব-লগীয়া নিত্যকৰ্ম্ম কৰি, জেঠুক সেই দিনাৰ পৰা তেওঁ শিষ্য কৰি ললে। সিও সেই দিন ধৰি গুৰুৰ ভৰিহাত পিটিকি আৰু লেখিবলৈ তালপাত আনি দিয়া আদি কাৰ্য্য কৰি, তেওঁক শুশ্ৰূষা কৰিবলৈ ধৰিলে। কিন্তু যক্ষ দেৱদত্তই ধনৰ টোপোলাটো কাষলতিৰ তলৰ পৰা নেৰিলে।

এইদৰে কিছুদিন যোৱাৰ পাছত জেঠুৱে ভাবিলে 'গোসাঁই ঔ! সন্ন্যাসীয়ে দেখোন মোক সমূলি বিশ্বাস নকৰে। এতিয়া মই কি কৰোঁ- কলৈ যাওঁ! দা এখনেৰে ইয়াৰ মূৰটোকে চকলিয়াম নে কি? নাইবা ইয়াক বিহ খুৱাই হলেও মাৰোঁ! নচেৎ, গোসাঁনীৰ আগত ছাগলি বলি দিয়াৰ দৰে ইয়াক বলিকে দিওঁনে কি? কটা পেৰেত! ই মৰাৰ পাছত চুক ভেকুলী নাইবা ধনগুলৈ হবগৈ'।

সি এই দৰে গুণিগাঁথি থাকোঁতেই আন এখন গাৱঁৰ পৰা দেৱদত্তৰ শিচ লৰা এটা আহি কলে, "দেউ, আমাৰ ঘৰত গ্ৰহপূজা এভাগি কৰিবগৈ লাগে”। সেই কথা শুনি দেৱদত্ত তালৈ যাবলৈ ওলাল আৰু জেঠুকো লগত ললে।