সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
মোৰ জীৱন-সোঁৱৰণ

আছিল। কি য়ুৰোপীয়, কি ভাৰতীয় সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল আৰু ভাল পাইছিল। সঁচাকৈয়ে সাদিনৰ ভিতৰতে তেওঁ আমালৈ ৩৭ নম্বৰ ডবছন ৰোডৰ ঘৰটো ঠিক কৰিলে। প্ৰায় আঢ়ৈ “একৰ” মাটিৰ সৈতে ডাঙৰ টোলেৰে সৈতে এক-মহলীয়া ঘৰটো দেখি আমাৰ বৰ মন খালে। ঘৰটো ডিক্সন (Mrs. Dickson) নামৰ এজনা মহিলাৰ। বাৰ হেজাৰ টকাত ঘৰটো কিনি লোৱা হ’ল। বি. বৰুৱাৰ নামতে দলীল লেখা হ’ল। সেইটো ঘাইকৈ মোৰ ইঙ্গিত। কাৰণ বি. বৰুৱা আমাৰ ভিতৰত মুখ্য মানুহ আৰু মোৰ “বৰ ভাই” আৰু বি বৰুৱাও মই, ময়েই বি. বৰুৱা। অবিবাহিত বি. বৰুৱাৰ মোৰ বাহিৰেতো আৰু কোনো নাই। এই ভাবেই তেতিয়া মোৰ গোটেইটো মন লোণত আচাৰৰ নেমুটেঙাটো খৰাই থোৱাদি খৰাই থৈছিল।

ঘৰটো কিনা হলতে মই লৰালৰিকৈ গোটেইটো ঘৰ ভালকৈ মেৰামত কৰাই, চূণ- কাম কৰাই, বৰণ দিয়াই ধুনীয়া কৰি পেলালোঁ। এমাহৰ ভিতৰতে কলিকতাৰ বলৰাম দে ষ্ট্ৰীটৰ ঘৰ এৰি আমি তালৈ আহিলোঁহক। ১৯০০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত মানুহ-বিহুৰ দিনা তাত আদি ব্ৰহ্ম সমাজৰ আচাৰ্য পণ্ডিত হেমচন্দ্ৰ বিদ্যাৰত্নৰ হতুৱাই উপাসনা কৰাই বন্ধু-বান্ধবেৰে সৈতে গৃহপ্ৰবেশ উৎসৱ সমাপন কৰিলোঁ। তাৰ পিছত দিনকদিনে ঘৰটো আৰু তাৰ চাৰিওফালে ইটাৰ বেৰ (compound wall), চাকৰ-নাকৰৰ ঘৰ, খোঁৰা-গাডীৰ ঘৰ, বহল বাট-পথ ফটক (gate ) ইত্যাদিবোৰ কৰোৱাত লাগি গলোঁ। তিনি মাহৰ ভিতৰতে সি ৰম্যপুৰী হৈ উঠিল। compound wall-অৰ ভিতৰতে সৰু পুখুৰী এটা আছিল, সেইটো পোতালোঁ। টেনিচ খেলিবলৈ “লন্‌টেনিচ গ্ৰাউন্ড” কৰালোঁ, দুকাষে বহিবলৈ বগা শিলৰ বেঞ্চ পতালোঁ। ফুল আৰু ফুলৰ বাগিচা কৰি জক্‌মকীয়া কৰি পেলালোঁ। তাৰ এবছৰৰ পিছতে ঘৰটো দুমহলীয়া কৰি তাৰ আৰু উন্নতি সাধন কৰিলোঁ। সমুখতে মুকলি ঠাইত আৰু পকীঘৰ এটা সজালোঁ, তাত বিলিয়াৰ্ড টেব্‌ল থৈ বিলিয়াৰ্ড খেলিবৰ দিহা কৰিবৰ মনেৰে। মই তেতিযা সদায় ইন্ডিয়া ক্লাবত বিলিয়াৰ্ড খেলিছিলোঁগৈ। সেই দেখি নিজৰ ঘৰতে বন্ধু-বান্ধবেৰে সৈতে সেই হেপাহ পলুৱাবৰ নিমিত্তে অতুল বাবুৰ পৰামৰ্শমতে সেই বিলিয়াৰ্ডৰ ঘৰটো সজোৱা হৈছিল। কিন্তু সেই ঘৰত আৰু বিলিয়াৰ্ড টেব্‌ল নুঠিল আৰু মোৰো সুহৃদ্‌বৰ অতুল বাবুৰো তাত বিলিয়াৰ্ড খেলা নহ'ল। আজিও হাওড়াত যি সেই ডবছন ৰোডৰ ঘৰটো দেখিছে সি বুজিব বাৰ হেজাৰ টকাত কিনা সেই ঘৰটোৰ কি উন্নতি কৰি মই তাক প্ৰায় লাখ টকা বেচৰ সম্পত্তি কৰি থৈ আহিছিলোঁ। কোনো ঠিকাদাৰৰ হাতত মই ঘৰটোৰ বিষয়ে কোনো কাৰ্য্যকে দিয়া নাছিলোঁ। ৰ'দ-বতাহ মূৰত লৈ মই দিনে-ৰাতিয়ে পৰিশ্ৰম কৰি সেই কাৰ্য্য আনন্দ মনেৰে সমাপন কৰি তুলিছিলোঁ। আজিলৈকে সেই ঘৰৰ গাত, বাহিৰে- ভিতৰে, যি সৌন্দৰ্য্য বা দেখনিয়াৰ বস্তু আছে, সেই সকলোবোৰতে মোৰ হাতৰ এই পাঁচোটা আঙুলিৰ সাঁচ আছে আৰু গোটেইটো ঘৰ ভাঙি চুৰ্চুমৈ নকৰালৈকে সেই সাঁচ নমৰে।