সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
দ্বিতীয় আধ্যা

ঠিক হৈছে, তৎক্ষণাত আহিবা। উত্তৰত মই টেলিগ্রাম কৰিলাে - “My marriage settled with Maharsi Devendranath Tagore's grand-daughter" মানে মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ নাতিনীয়েকেৰে সৈতে মােৰ বিয়া ঠিক হৈছে। ইয়াৰ পিছত কত’খন টেলিগ্রাম দুই ফালৰপৰা আহিল গ’ল ঠিক নাই। শেহৰখনলিখিলাে— “My marriage will be celebrated tomorrow positively” —১৮৯১ খীষ্টাব্দৰ মার্চ মহাৰ ১১ তাৰিখে মােৰ বিয়াৰ এই খবৰে ৰংপুৰ, যােৰহাট, গােলাঘাটত কত কল্পনা-জল্পনাৰ আন্দোলন সষ্টি কৰিলে, সেইবােৰৰ বিৱৰণ দি আৰু প্ৰৱন্ধ নিদীঘলাওঁ। তেতিয়া কলিকতাত থকা গঙ্গাগােবিন্দ ফুকনলৈকো আমাৰ ঘৰৰপৰা বিয়া ভাঙি দিবলৈ কেইবাখনাে টেলিগ্রাম আহিছিল। তেওঁ সেই সম্পৰ্কে কি কৰিছিল —মই নাজানো। তেওঁ নিমন্ত্রিত হৈও মােৰ বিয়ালৈ অহা নাছিল। কিন্তু বিয়াৰ দিনচেৰেকৰ পাছত তেওঁ আৰু তেওঁৰ গৃহিণীয়ে আমাৰ দুইকো তেওঁ থকা ঘৰত খাবলৈ মাতিছিল আৰু আমাক বৰ আদৰ-সাদৰ কৰিছিল। ইংৰাজ কবি গল্ড্ স্মিথৰ “ডেজৰ্টেড ভিলেজ্” নামৰ কিতাপখন তেওঁলােকে বিয়াৰ যৌতুক-স্বৰূপে মােক দিছিল। বাহাদুৰ গুণাভিৰাম বৰুৱাও সেই সময়ত সস্ত্রীক কলিকতাতে আছিল। তেওঁৰ ল’ৰা-ছােৱালীকেইটিও তেওঁৰ লগতে আছিল। তেওঁলােককো নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু বিয়া-ঘৰত দেখিবলৈ নাপালাে। তেৱোঁ বিয়াৰ কিছুমান দিনৰ পিছত তেওঁলােকৰ ঘৰত সস্ত্রীক মােক নিমন্ত্ৰণ কৰি বৰ মৰম-চেনেহ কৰি খুৱাইছিল। তেতিয়া কলিকতাত থকা প্রায় সকলােবােৰ অসমীয়া ছাতৰে বিয়ালৈ আহি ভুৰি-ভােজন কৰি পৰিতুষ্ট হৈ গৈছিল।

 এইখিনিতে এটা কথাৰ উল্লেখ কৰা উচিত যেন পাইছোঁ ; কাৰণ ঘাই ঘটনা মই লুকঢুক নকৰো। অৱশ্যে সৰু-সুৰা কথা পাহৰণিৰ বুকত সােমাই যােৱাৰ বাবে কেতিয়াবা কওঁতে ভুলো হব পাৰে।

 মই তেতিয়া কলিকতাৰ শানকিভাঙ্গা নামৰ ঠাইৰ ২নং ভবানী চৰণ দত্তৰ গলিত, জনচেৰেক বাছকবনীয়া অসমীয়া ছাতৰেৰে সৈতে ‘মেছ’ কৰি একেলগে আছিলো। “ঠাকুবাড়ী”ত যেতিয়া মােৰ বিয়া একৰকম ঠিক হ’ল মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ এজন বিশ্বস্ত কৰ্ম্মচাৰীয়ে মােৰ থকা ঠাই ২নং ভবানীচৰণ দত্তৰ লেনৰ ঘৰলৈ আহি, মােক বিশ্বাসতে সুধিছিল, বিয়াত মােৰ ফালৰপৰা condition অৰ্থাৎ দাবী কি ? অৰ্থাৎ মই কিমান টকা বিচাৰো ? মােৰ অবিদিত নাছিল যে বঙ্গদেশত দৰাৰ ফালৰপৰা ছােৱালীৰ অভিভাৱকৰপৰা ধন-বিত বিচৰা হয়; আৰু, সেই ধন দিয়া আৰু লােৱাৰ দৰ-দস্তুৰৰ এটা মীমাংসা হলেহে বিয়া হয়। সেইটোৱে অতি জঘন্য কু-প্রথা, আন নালাগে বঙ্গালীসকলেও স্বীকাৰ কৰে, কিন্তু মুখেৰে স্বীকাৰ কৰিলে কি হ’ব? কাৰ্য্যত, আন নালাগে বিশ্ববিদ্যালয়ৰ উচ্চ শিক্ষা পােৱা বি. এ., এম, এ, ‘পাছ’ কৰাসকলৰ ভিতৰতাে সি প্রবলভাৱে চলি আছে। তাৰ ফলত, অলেখ মজলীয়া তৰপৰ বঙ্গালী সর্বস্বান্ত হৈছে; আৰু কেইবাটাও অতি শােচনীয় ঘটনা হৈ যোৱাৰ বাতৰি কাকত পত্ৰত ছপা হৈ ওলাইছে; যেনে - কিছু কালৰ