সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পানীপথৰ প্ৰথম যুদ্ধ আলম খাঁ আৰু দৌলত খাঁ লোডী লগ হৈ তেওঁৰ বিপক্ষে থিয় হল। তেওঁলোকে কাবুলৰ অধিপতি বাবৰক দিল্লীৰ সিংহাসন অধিকাৰ কৰিবলৈ মাতি পঠালে। বাবৰে ভাৰত লবলৈ আগৰেপৰা ছেগ চাই আছিল। বাবৰে এই সুযোগ পায়েই ভাৰত আক্রমণ কৰিলে। দিল্লীত দৌলত খাঁ বাবৰৰ লগ লাগিল। প্ৰকৃততে দৌলত খাঁক সহায় কৰা বাবৰৰ উদ্দেশ্য নাছিল, তেওঁৰ উদ্দেশ্য আছিল ভাৰতত মোগলৰাজ্য স্থাপন কৰাহে। ৭ পানীপথৰ প্ৰথম যুদ্ধ :—পানীপথ নামে ঠাইত ইব্রাহিম লোডীয়ে সসৈন্যে বাবৰক বাধা দিয়ে ( ১৫২৬ খৃষ্টাব্দ ২১ এপ্রিল)। ইব্রাহিমৰ সৈন্যদলত একলাখ সৈন্য আছিল। বাবৰৰ সুনিপুণ, কাৰ্য্যক্ষম সৈন্য সংখ্যাত নিচেই তাকৰ হলেও অনেক গুণে কামিলা আছিল। গতিকে ভাৰতীয় সৈন্য তেওঁ- লোকৰ আগত টিকিব নোৱাৰি চাৰিউপিনে পলাই গল ৷ যুদ্ধত ইব্রাহিমৰ• মৃত্যু হল ৷ বাবৰে দিল্লী অধিকাৰ কৰি মোগল সাম্ৰাজ্যৰ ভেঁটি স্থাপন কৰিলে । 1