সমললৈ যাওক

পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰত বুৰঞ্জী আৰ্যসকল প্রায় গোটেই উত্তৰ ভাৰত জুৰি পৰাৰ পিছতে বিদেহ আৰু মগধৰপৰা এটা দল বঙ্গদেশ আৰু কামৰূপলৈ আহে। এইদৰেই আৰ্য্যবিলাকে হিমালয়ৰ পৰা দক্ষিণ- ভাৰতলৈ আৰু বঙ্গোপসাগৰৰ পৰা আৰব সাগৰলৈ গোটেই ভাৰত জয় কৰি প্ৰভুত্ব বিস্তাৰ কৰিছিল ৷ আৰ্য্য সভ্যতা। সমাজ, শিক্ষা আৰু ধৰ্ম্ম । সমাজ : – আৰ্যসকলে কেইবা ঘৰো মিলি গাওঁ পাতিছিল ; আৰু কেইখন মান গাওঁলৈ একোখন সমাজ গঢ়িছিল । প্রত্যেকখন সমাজৰে ওপৰত একোজন গৰাকী পাতিছিল ; আৰু কেইবাখনো সমাজৰ ওপৰত এজন ৰজা আছিল ৷ ৰজা ৰাজ্যৰ সৰ্বেবসৰ্ববা আছিল৷ প্ৰজাই বাছি দিয়া । সভ্যৰে গঠিত সভা আৰু সমিতি নামৰ দুখন সঙ্ঘই ৰজাক পৰামৰ্শ দি ৰাজকাৰ্য্যত সহায় কৰিছিল । ঘৰৰ মুখিয়ালজনৰ দিহা মতেই সকলো কাম চলিছিল; মুনিহ-তিৰোতা প্রত্যেকৰে আছুতীয়া কাম আছিল। খেতি- বাতি আৰু গৰু-ছাগলী পুঁহি তেওঁলোকে জীৱিক৷ আৰ্জিছিল। বেহা-বেপাৰে৷ তেওঁলোকে কৰিছিল। প্রায় বিলাক আৱশ্যকীয় বস্তু সাল-সলনি কৰি লৈছিল৷ সেই কালত নিষ্ক নামৰ এবিধ সোনৰ মোহৰৰ প্ৰচলন আছিল । সমাজত তিৰোতাৰ স্থান উচ্চ আছিল । শিক্ষা লাভ কৰাত তেওঁলোকৰ কোনো বাধা নাছিল। গৃহিণী হিচাবে ঘৰৰ