সমললৈ যাওক

পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন

নাথাকা বিষয়ে ভুলি সদা ৰাম ৰাম বুলি,
 পন্থৰ সম্বল লোৱা বিত্ত॥
মিছা নৰ তনু পাই, কিবা আছা ৰঙ্গ চাই,
 বোলা মই জীৱ কতো দিন।
শীত গ্ৰীষ্ম অনুক্ৰমে,  দিনে ৰাতি সমাগমে
 বৃথা কাৰ্য্য আয়ু ভৈলাক্ষীণ॥
যেন নদী সমস্তৰ,  বহি যায় জল-ধাৰ,
 দিবস ৰজনী সম কৰি।
তথাপি দেখয় নৰে, সব জল নিৰন্তৰে,
 নদীতে আছয় ভৰি পূৰি॥
সেহি মতে মনুষ্যৰ,  দিনে ৰাতি হুয়া ধাৰ,
 শীত, উষ্ণ বেগে আয়ু যায়।
কতক্ষণে ধৰে কালে,  তাক চিনিবাহা ভালে,
 বিষয়-আনন্দে আছা চাই।
মায়াৰ মাধুৰী পাই,  আছা পুত্ৰ ভাৰ্য্যা চাই,
 কেনে নিচিন্তাহা ভগবান্।
অকস্মাৎ যমে ধৰি,  লৈয়া যাবে যমপুৰী,
 কোনে ৰক্ষা কৰিব তেখনে॥
হেন জানি শুনা বুধ,  লভিবা পৰম শুদ্ধ ,
 সদা ৰাম নাম লোৱা মুখে।