সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বুৰঞ্জীবোধ।

কলিয়াবৰলৈকে উজাই আহি দিকৰাইমুখতে অসম ৰজাৰ ৰণুৱাৰে সৈতে ভেটাভেটী হল, আৰু তাতে এখন বৰ ডাঙ্গৰ ৰণ লাগিল। সেই ৰণত কন্‌চেং বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়া আহোমৰ ঘাই সেনাপতি আছিল। আৰু, বৰগোহাঞি ডাঙ্গৰীয়াৰ বিধৱা পত্নী মূলা গাভৰুৱে পতিবৈৰী তুৰ্ব্বকক প্ৰতিশোধ দিবৰ হেঁপাহেৰে নিজে অস্ত্ৰ ধৰি ৰণ কৰিছিলগৈ। ৰণত মূলা গাভৰু আৰু তুৰ্ব্বক দুয়ো পৰিল। বাকী পাঠান মুছলমানবিলাকক কন্‌চেং ডাঙ্গৰীয়াই কতোৱা নৈ পাৰ কৰি খেদি থৈ আহিলগৈ। সেই ৰণত মুছলমানৰ ভালেমান বন্দুক আহোমৰ হাতত ৰৈ যায়। অসমত বন্দুক আমদানী সেয়ে প্ৰথম। আৰু, সেয়ে অসমত মছলমানৰ ৬ষ্ঠ, আক্ৰমণ।

 সাধনী।— মছলমানৰ ৫ম, আৰু ৬ষ্ঠ, আক্ৰমণৰ আগে-আগে আহোম ৰজাই খনচেৰেক ডাঙ্গৰ ৰণ দিব লগা হৈছিল; তাৰ ভিতৰত ছুটীয়া ৰাজ্য আক্ৰমণ আৰু কছাৰি-ৰণ এই দুখন ঘাই। ১৫১৩ খ্ৰীষ্টাব্দত ছুটীয়া ৰজাৰ সেনাপতি এজন ৰণৰ সাজেৰে ব্ৰহ্মপুত্ৰে দি ভটীয়াই আহিছিল। পিছে, তেওঁ আহি দিখৌমুখ পাওঁতেই আহোম সেনাপতি কন্‌চেং বৰপাত্ৰ-গোহাঞি ডাঙ্গৰীয়াই তেওঁক আগচি ধৰিলে। তাতে দুইৰো ভিতৰত এখন ৰণ লাগিল। ৰণত ছুটীয়া সেনাপতি ঘাটিল, আৰু তেওঁক আহোম ৰাজধানীলৈ বন্দী কৰি নিয়া হল। তাৰ দহ বছৰৰ পাচত, ছুটীয়া ৰজা নীতিপালৰ অনীতি-অধৰমত ছুটীয়া ৰাজ্য জুৰুলা হৈ পৰিল। আহোম ৰজাই সেই কথাৰ সম্ভেদ্‌ পাই ছুটীয়া ৰাজ্য